যমুনামূখ, সংবাদ ৩৬৫, ১ আগষ্টঃ  এক শিহৰণকাৰী বুকু কপাই যোৱা হত্যাকাণ্ড৷ আজিও গাৰ নোম শিয়ৰি উঠে অৰ্ণমাই বৰাৰ হত্যাকাণ্ড৷ ২০১৭ বৰ্ষৰ ৩১ মে’ত যমুনামুখ এলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ ৫৮ বছৰীয়া  প্ৰধান শিক্ষয়িত্ৰী অৰ্নমাই বৰাই স্কুল চুটি দি ঘৰলৈ যোৱাৰ সময়তেই দুই পাষণ্ড ক্ৰমে মইনুল হক  আৰু চেলিম উদ্দিয়ে প্ৰথমে ধৰ্ষণ কৰে আৰু তাৰ পিছত হত্যা কৰি পেলাই দিছিল কপিলী নৈত৷ আৰু তাৰ পাছত মূমুৰ্ষ অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল শিক্ষয়ত্ৰী গৰাকীক কপিলী নদীৰ বালিত৷পাছত দুইপাষণ্ডক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ ১৯৫ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰি আৰক্ষীয়ে ৭০/ ১৭ নম্বৰত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল হোজাই জিলা ও সত্ৰ ন্যায়াধীকৰণ আদালতত ৷ চলিত বৰ্ষৰ ২৪ জুলাইত হোজাই অতিৰিক্ত জিলা ও  সত্ৰ ন্যায়াধীশ এন এছ দেউৰীৰ আদালতে দুয়োকে দোষী স্বাব্যাস্ত কৰিছিল যদিও আজি অৰ্থ্যাত্ ১ আগষ্টত আদালতে দুই পাষণ্ডৰ মইনুল হকক ফাচী আৰু চেলিম উদ্দীক যাপদ জীৱন কাৰাদণ্ডৰ চুড়ান্ত ৰায় দিয়ে |