গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মে’ : বৃহস্পতিবাৰে ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ ফলাফল আজিৰ পৰা প্রায় ১০ দিন আগতেই নিৰ্ধাৰিত কৰিছিল এজন বিশেষ ব্যক্তিয়ে। উল্লেখ্য যে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছতেই নিজৰ যাদুকলাৰ জৰিয়তে যাদুৰ সম্ৰাট বিক্ৰমে লোকসভা নিৰ্বাচনৰ ফলাফলসমূহ বন্ধী কৰি থৈছিল এটা বাকচৰ ভিতৰত। য’ত সাক্ষী হৈ ৰৈছিল গণ্য-মান্য ব্যক্তিৰ লগতে সংবাদকর্মী সকলো আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছদিনাই নিৰ্বাচনৰ ফলাফল বন্দী কৰি থোৱা বাকচতো খোলাৰ কথা কৈছিল বিক্ৰমে।

সেই অনুসৰি আজি সাতটা তলাৰে বন্দী কৰি থোৱা বাকচটোৰ মাজৰ পৰা উলিয়াই অনা হয় ফলাফল লিখি থোৱা এখন বিশেষ দলিল। দলিলখনত ২৩ মে’ত হৈ যোৱা ফলাফল ঘোষণাৰ দৰে একেই আছিল। একেই আছিল সৰ্বাধিক ভোটপ্ৰাপ্ত প্ৰাৰ্থীৰ নাম। বিক্ৰমৰ এই ভৱিষ্যতবাণীয়ে এতিয়া খলকনিৰ সৃষ্টি কৰিছে সাধাৰণ নাগৰিকৰ পৰা ৰাজনীতিবিদলৈ।

উল্লেখযোগ্য যে ১৪ মে’ অৰ্থাৎ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰি যাদু সম্ৰাট বিক্ৰমে এটা বাকছৰ ভিতৰত বন্দী কৰিছিল ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফল। উক্ত বাকচত আছিল সাতটা তলা। বাকচটোত থকা সাতটা তলা অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক, বিষয়ববীয়া লোকে বন্ধ কৰিছিল। উক্ত বাকচটো ২৪ মে’লৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ জিম্মাত ৰখা হৈছিল আৰু তাৰ পাছতে আজি আনুষ্ঠানিকভাৱে খোলা হল বাকচটো।

যাদুক মঞ্চৰ পৰা ৰাজনীতিৰ পথাৰলৈ আনি ৰাইজৰ মাজত যাদুৰ সজাগতা বৃদ্ধি কৰাৰ এক প্ৰচেষ্টাৰে ২০১৪ চনৰ লোক সভা নিৰ্বাচনৰ ফলাফলৰ এক সঠিক ভবিষ্যদ্বাণী কৰিছিল যাদুৰ সম্ৰাট বিক্ৰমে । ২০১৪ৰ ভৱিষ্যদ্বাণী এশ শতাংশই শুদ্ধ প্ৰমাণিত হোৱাৰ পাছত এইবাৰো ২০১৯ বৰ্ষৰ লোক সভা নিৰ্বাচনৰ ফলাফলৰ সঠিক ভৱিষ্যদ্বাণী কৰিছে।

যাদুৰ সম্ৰাট বিক্ৰমে সংবাদকৰ্মী তথা সংবাদ মাধ্যমক ধন্যবাদ জনাই কয় যে সংবাদ মাধ্যমৰ বলিষ্ঠ পদক্ষেপৰ বাবে পাহৰণিৰ গৰ্ভত সোমাই পৰা অসমৰ যাদু কলাই সম্পূৰ্ণ নতুন আৰু বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।

ইফালে বিক্ৰমৰ এই ভবিষ্যতবাণীৰ পাছতে কেইবাগৰাকীও ৰাজনীতিবিদে তেওঁৰ ওচৰত যাদু শিকিবৰ বাবে আগ্ৰহী হৈ নামভৰ্ত্তি কৰিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে বিক্ৰমে।