গুৱাহাটী, সংবাদ ৩৬৫, ১৪ এপ্ৰিল : ৰঙালী বিহুৰ প্ৰাক ক্ষণত যুৱ সাংবাদিক মঞ্চ,অসমে গুৱাহাটী প্ৰেছ ক্লাৱৰ বাকৰিত ” মন বহাগী” শীর্ষক এক অনুষ্ঠানৰ আয়োজন কৰে । উল্লেখযোগ্য যে যুৱ সাংবাদিক মঞ্চ, অসমে প্ৰথম বাৰলৈ আয়োজন কৰে ৰঙালী বিহু উপলক্ষে এই অনুষ্ঠান।

এই অনুষ্ঠানৰ শুভাৰম্ভণি পতাকা উত্তোলনেৰে কৰা হয়। পতাকা উত্তোলন কৰে ক্ৰিয়া সংগঠক বিষ্ণু ৰাম নুনিচাই। ইয়াৰ পিছতে বিভিন্ন ধৰণৰ খেল, গীত,বিহু নৃত্য, হুঁচৰি আদি পৰিবেশন কৰা হয়। মেজাঙ্কৰী মেঘমল্লাৰ হুঁচৰি দলে প্ৰেছ ক্লাৱৰ বাকৰিত সমবেত হোৱা সকলো লোককে আপ্লুত কৰে ।

ইফালে অসম আদিত্যৰ উদ্যোগত মঞ্চই বিহু উপলক্ষে আয়োজন কৰে পৰম্পৰাগত ৰঙালীৰ জলপান দৈ, চিৰা । উক্ত অনুষ্ঠানত সমবেত হোৱা সকলোকে অসম আদিত্যৰ উদ্যোগত মঞ্চই দৈ, চিৰাৰে আপ্যায়ন কৰে।

আনহাতে, মঞ্চৰ উদ্যোগত ৰছী টনা, টেকেলী ভঙা আদি খেলও অনুষ্ঠিত কৰা হয়। ৰছী টনা খেলৰ মহিলা বিজয়ী দল ক্ৰমে নিপা কাকতি, দীপিকা বৰা, নন্দিনী মহন্ত,কুলগীতা সাউদ আৰু পল্লৱী শইকীয়া। তেনেদৰে পুৰুষ বিজয়ী দল ক্ৰমে দেৱশীষ কাঠকটিয়া,ধীৰেন শৰ্মা,তপন বৰগোঁহাই,ৰাহুল ডেকা,কৃষ্ণ ছেত্ৰী,দিব্য দাস,আকাশ বৰ্মন,মৌচুম জ্যোতি বৈশ্য আৰু জয়ন্ত দাস। টেকেলী ভঙা প্ৰতিযোগিতাত বিজয়ী হয় ৰঞ্জিত পাটগিৰি আৰু হালিমা বেগম। এনেদৰেই মঞ্চৰ উদ্যোগত সৃষ্টি হ’ল ৰঙালীৰ ৰংৰ লগতে ভাতৃত্ববোধৰ এনাজৰী।