গুৱাহাটী, সংবাদ ৩৬৫, ১৯ এপ্ৰিল : পৰমহংস যোগানন্দৰ ১২৬ তম জন্মদিন উপলক্ষে যোগদা সৎ সংগ চ’চাইটিয়ে সমাজ কল্যাণৰ উদ্দেশ্য বিভিন্ন চহৰত ৰাজহুৱা বক্তৃতা অনুষ্ঠান আয়োজন কৰিছে।

উক্ত অনুষ্ঠানৰ মূল বিষয়টো হ’ল যৌগিক ধ্যানৰ নিত্য অভ্যাসৰ দ্বাৰা সকলো ধৰ্মৰ আৰু জাতিৰ মানুহে ধ্যান আৰু কৰ্মৰ এক জীৱন যাপন কৰিব পাৰে, ইয়ে তেওঁলোকক শাৰীৰিক ৰোগ, মানসিক অশান্তি আৰু আধ্যাত্মিক অজ্ঞতাৰ ত্ৰিবিধ কষ্টৰ পৰা মুক্তি দিব।

ক্ৰিয়া যোগ- মানসিক চাপ,ভয় আৰু উদ্বিগ্নতাৰ বিষয়ৰ ওপৰত ২০ এপ্ৰিলত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত মাধৱদেৱে আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব।

বিগত এশ বছৰ ধৰি যোগদা সৎ সংগ চ’চাইটিয়ে প্ৰতিষ্ঠাতা গুৰুৰ আধ্যাত্মিক আৰু মানৱীয় কাৰ্যাৱলী আগুৱাই লৈ যোৱাত ব্ৰতী হৈ আছে।

ইয়াৰোপৰি, উক্ত বক্তৃতাৰ বাবে http://yssi.org/guwত নাম পঞ্জীয়ন কৰিব পাৰিব আৰু পঞ্জীয়ন কৰা সকলে অটো বায়ো গ্ৰাফী অফ এ যোগীৰ’ ই-বুক বিনামূলীয়াকৈ পাব।