যোৰহাট, সংবাদ ৩৬৫, ২৭ অক্টোবৰ: বঙালী সংগঠন, চৰকাৰ আৰু শেহতীয়া ভাবে অসম সাহিত্য সভাৰ দুমুখীয়া নীতিক তীব্ৰ সমলোচনা কৰি জাতি ধংসী বিধেয়কক ডাষ্টবিনত দলিয়ালৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ হুংকাৰ দিয়ে সংগঠনটোৰ মুখ্য সম্পাদক শ্বহিদুল ইছলামে। শনিবাৰে যোৰহাট জিলা সমিতি গঠনৰ উদ্দেশ্যৰে বিষ্টুৰাম ভৱনত আয়োজিত এক বিশাল জন সভাত অংশগ্ৰহন কৰি ভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা সম্প্ৰতিৰ বান্ধোনত বিষবাস্প সিঁচি দিয়া শিলাদিত্যৰ দৰে নেতা পালি নেতাক ইতিহাসে ক্ষমা নকৰে বুলি কৈ এনে প্ৰকৃতিৰ দেশ দ্ৰোহী ব্যত্তিক গণবিছন্ন কৰিব লাগে বুলি মন্তব্য কৰে। উক্ত অনুষ্ঠানত ঐক্য সেনা অসমৰ মুখ্য মুখপাত্ৰ কমল কুমাৰে অংশ গ্ৰহন কৰি নাগৰিকত্ব সংশোধনী জাতিধংসী বিধেয়ক সম্পৰ্কত অসম গণ পৰিষদ দলৰ কেবিনেট মন্ৰী অতুল বৰা, কেশব মহন্ত আৰু ফণীভূষণ চৌধূৰীৰ শেহতীয়া স্হিতিক সমলোচনা কৰি প্ৰয়োজনত লালসা বাদ দি ৰাইজৰ স্বাৰ্থত বিজেপি দল ত্যাগ কৰিবলৈ অনুৰোধ জনায়। আৰু লগতে তেওঁ কয় যে ৰাইজ আপোনালোকৰ পক্ষত থাকিলেহে ৰাজনীতি কৰিব পাৰিব বুলি মন্তব্য কৰি কয় অসম চুক্তি অসমীয়াৰ আত্মা। এই চুক্তি ভংগ হোৱাটো ঐক্য সেনা অসমৰ লগতে অসমৰ কোনো নাগৰিকে নিবিচাৰে। শ্বহীদৰ কেচা তেজক সন্মান কৰিব নজনা কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুমুখীয়া নীতিৰ বাবেই অসমবাসীয়ে নিজৰ জাতীয় সত্বা হেৰুৱাৰ উপক্ৰম হৈছে। কেন্দ্ৰীয় সমিতিৰ সভাপতি সন্জীব মহন্তই সভাপতিত্ব কৰা উক্ত সভাত মুখ্য সাংগঠনিক সম্পাদক প্ৰতিভা নাথে সাম্প্ৰতিক পৰিস্হিতত অসমৰ নাৰী সমাজে বীৰঙ্গনা কণকলতাৰ দৰে আত্মবলিদান দি অসমীয়া জাতি, ভাষা, সংস্কৃতি উদ্ধাৰ কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায়। আনহাতে সভাত চৰকাৰৰ শেহতীয়া কাম- কাজক সমলোচনা কৰি অসমীয়া ৰাইজৰ পক্ষত কাম কৰিবলৈ সকিয়নী প্ৰদান কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই। কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মনোৰন্জন বৰা, সম্পাদিকা অনিতা ভূঞা, উপ সভানেত্ৰী স্বপ্না গগৈ আদিয়ে অংশগ্ৰহন কৰা সভাত সভাপতি ৱাকিব আখতাৰ, কাৰ্যকৰী সভাপতি ৰন্জন দত্ত, মুখ্য সম্পাদক সিদ্ধাৰ্থ বৰুবা আৰু লুটফুৰ ৰহমান ক সাধাৰণ সম্পাদক হিচাবে লৈ ঐক্য সেনা অসমৰ যোৰহাট জিলাৰ ৫১ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়।