বঙাইগাঁও, সংবাদ ৩৬৫, ৫ আগষ্টঃ পুনৰ এক অমানৱীয় নিকৃষ্ট ঘটনাই কঁপাই তুলিছে বঙাইগাঁও জিলাৰ কোকিলা দক্ষিণপাৰাত৷প্ৰথমে হত্যা, তাৰ পাচত আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা৷ কেৱল যৌতুকৰ বাবেই স্বামীয়ে ডিঙি চেপি হত্যা কৰি কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী মহিলাই৷ এই অমানৱীয় ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাৰ অন্তৰ্গত কোকিলা দক্ষিণপাৰাত৷ বিয়াৰ পিছৰে পৰা প্ৰতিদিনে যৌতুক বিচাৰি স্বামীৰ লগতে শহুৰ, শাহুয়ে মিলি অকথ্য নিৰ্যাতন কৰি আহিছিল মহিলা গৰাকীক৷ জানিব পৰা মতে, পাঁচ মাহ পূৰ্বে বৰপেটা জিলাৰ গুনীয়ালগুৰিৰ ইনসাফ আলীৰ কন্যা মামুনী খাতুনৰ বিয়া হৈছিল কোকিলা দক্ষিণপাৰা গাঁওৰ আব্দুল লতিফৰ পুত্ৰ লুতফৰ ৰহমানৰ লগত৷বিগত এক সপ্তাহ ধৰি মাৰপিট কৰি আহিছিল আৰু আজি স্বামী লুতফৰ ৰহমান, শহুৰ আব্দুল লতিফ আৰু শাহু মমতাজ বেগমে৷ ৰবিবাৰে মহিলা গৰাকীক শহুৰ, শাহু আটায়ে মিলি ডিঙি চেপি হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে৷ পিছত মামুনী খাতুনে আত্মহত্যা কৰা বুলি ইনচাফ আলীৰ ঘৰত খবৰ দিয়ে যদিও  পিতৃ গৃহৰ লোক উপস্থিত হৈ মামুনী খাতুনে চিপ লৈ আত্মহত্যা কৰাৰ কোনো চিন দেখা নাপায়৷পিছত উত্তেজিত ৰাইজ আৰু মহিলা গৰাকীৰ পৰিয়ালে লুতফৰ ৰহমান আৰু ভাতৃ বিল্লাল হুছেইনক উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে৷