আমিনুৰ ৰহমানৰ সৈতে আশ্রফৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৮ আগষ্ট

শিৱসাগৰত গীত কামৰূপাৰ বিৰোদ্ধে প্ৰতিবাদ অব্যাহত৷ যৌথ সংগ্ৰামী মঞ্চই দাহ কৰিলে বিতৰ্কীত মন্তব্য কৰা গীত কামৰূপাৰ প্ৰতিমুৰ্তি। গীত কামৰূপাক শিৱসাগৰৰ নাৰী সমাজৰ অভিভাৱক হোৱাৰ চেষ্টা নকৰিবলৈ সকীয়নি।

শিৱসাগৰৰ মহিলা সন্দৰ্ভত কৰা অশ্লীল মন্তব্যক লৈ গীত কামৰূপাৰ বিৰুদ্ধে সৰৱ হৈ আছে জিলাখনৰ বিভিন্ন দল-সংগঠন। গীত কামৰূপাৰ অশ্লীল মন্তৰ্ব্যক লৈ উত্তাল হৈ থকা শিৱসাগৰত শুকুৰবাৰে যৌথ সংগ্ৰামী মঞ্চই শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত গীত কামৰূপাৰ প্ৰতিমুৰ্তি দাহেৰে উত্তাল প্ৰতিবাদ সাব্য্যস্ত কৰে৷ ইফালে শিৱসাগৰৰ সচেতন মহিলা সমাজে এক সংবাদমেল অনুষ্ঠিত কৰি গীত কামৰূপাক শিৱসাগৰৰ নাৰী সমাজৰ অভিভাৱক হোৱাৰ চেষ্টা নকৰিবলৈ সকীয়নিপ্ৰদান কৰে। সংবাদমেলত সচেতন মহিলা সমাজে গীত কামৰূপাৰ অভিযোগক নস্যাৎ সচেতন কৰি কয় যে শিৱসাগৰত লাভ জেহাদ নামৰ কোনো বস্তু নাই। শিৱসাগৰত আছে কেৱল মাত্ৰ অসবৰ্ণ বিবাহ। স্বকীয় ইতিহাস-সংস্কৃতিৰে উদ্ভাসিত শিৱসাগৰীয়াক কৰা অপমানৰ বাবে গীত কামৰূপাক তাৎক্ষণিক গ্ৰেপ্তাৰৰ দাবীদাবীও জনাই সচেতন মহিলা সমাজে।

শিৱসাগৰৰ মহিলা সন্দৰ্ভত অশ্লীল মন্তব্য কৰা গীত কামৰূপাক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোনো ধৰণৰ নিৰ্দেশ প্ৰদান নকৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক তীব্ৰ সমালোচনা সচেতন মহিলা সমাজে। সংবাদ মেলত গীত কামৰূপাক অস্তিত্বহীন বুলিও মন্তব্য কৰে সচেতন মহিলা সমাজে। গীত কামৰূপাক শান্ত হৈ থকা পুখুৰীত শিলগুটি দলিয়াই অশান্ত নকৰিবলৈ সকীয়াই দিয়াৰ লগতে গীত কামৰূপাক শিৱসাগৰত ধৰ্মীয় বিষবাষ্প বিয়পোৱাৰ চেষ্টা নকৰিবলৈও সকীয়নি প্ৰদান কৰে সচেতন মহিলা সমাজে।

শিৱসাগৰক কৰা অপমান কোনো কাৰণতে সহ্য কৰা নহ’ব বুলিও হুংকাৰ দিয়ে শিৱসাগৰৰ সচেতন মহিলা সমাজে। সংবাদমেলত বিশিষ্টা লেখিকা তুলিকা চেতিয়া য়েইন আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা মনিকা শইকীয়াৰ লগতে জিলাখনৰ কেইবাগৰাকী সচেতন মহিলা উপস্থিত থাকে।