হোজাই, সংবাদ ৩৬৫, ২০ জুনঃ হোজাই জিলাৰ লংকাৰ নখুটী আৰক্ষী চকীৰ অন্তৰ্গত আমবাৰীত ৯ এম এম পিষ্টল আৰু ৬ টা সজীৱ গুলীসহ তিনিজন লোকক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে। জানিব পৰা মতে, নাগালেণ্ডৰ পৰা চাৰিজন যুৱকে লংকাৰ নখুটীৰ আমৱাৰীত ৬ টা সজীৱ গুলীসহ পিষ্টল বিক্ৰী কৰিৱলৈ আনিছিল। পিষ্টল আৰু গুলী বিক্ৰী কৰিবলৈ আহি লোক চাৰিজন আমবাডী গাঁৱৰ এজোপা গছৰ তলত কাৰোৱাৰ বাবে অপেক্ষা কৰি থাকোতে স্থানীয় ৰাইজৰ সন্দেহ হোৱাত লোক চাৰিজনক স্থানীয় ৰাইজে সোধ-পোছ কৰে। সোধ-পোছ কৰি থাকোতে ৰাইজে নখুটী আৰক্ষীক সন্দেহজনক লোক চাৰিজনৰ খৱৰ দিয়াত আৰক্ষী উপস্থিত হৈ চাৰিজনৰ ভিতৰত তিনিজনক আটক কৰি পিষ্টল আৰু গুলী উদ্ধাৰ কৰে যদিও ঘটনাস্থলীৰ পৰা এজন লোক পলাই যাৱলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা লোক কেইজনৰ নাম চাইফ উদ্দিন, তামিজ উদ্দিন আৰু হানিফ আলী বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে আটক কৰা লোক তিনিজনক অধিক তথ্যৰ বাবে জেৰ অব্যহত ৰাখিছে।