লংকা, সংবাদ ৩৬৫, ৬ আগষ্টঃ এজাক বৰষুণতেই সাগৰ সদৃশ৷ বৰষুণৰ বানে জীয়াতু ভোগাইজে ৰাইজক৷ বিনীদ্ৰ ৰজনী কটাইছে লোকসকলে৷ ৰবিবাৰে নিশাৰ এজাক বৰষুণতেই বুৰ গ’ল লংকা পৌৰ সভাৰ অন্তৰ্গত ১নং ৱাৰ্ডৰ এটি অঞ্চল৷ ভোক্তভোগী ৰাইজে নিশা উজাগৰে কটাৱ লগা হোৱা লগতে যমৰ যাতনা ভূগীৱ লগা হৈছে৷ লংকা পৌৰ সভাই বাটৰ কাষত নলা বোৰ চাফা নকৰাৰ ফলত এই কৃত্ৰিম বান বুলি অভিযোগ স্হানীয় ভোক্তভোগী ৰাইজৰ৷ পৰিবৰ্তন পৰিবৰ্তন আৰু পৰিবৰ্তন৷ কেন্দ্ৰত বিজেপি,ৰাজ্যটো বিজেপি আনকি লংকা পৌৰ সভাও বিজেপিৰ দখলত কিন্তু লংকাত উন্নয়নৰ নমুনা শূন্য৷ লংকা পৌৰ সভাৰ পৌৰপতি বিজু ভট্ৰাচাৰ্য্য আৰু তেওৰ অংগীসংগী সকলে উন্নয়নৰ নামত যে অকৰ্মণ্য তাক নুই কৰিৱ নোৱাৰি এই অভিযোগ স্হানীয় ভোক্তভোগী ৰাইজৰ৷