লংকা, সংবাদ ৩৬৫, ৯ আগষ্ট: গৃহস্থৰ ঘৰত কোনো নথকা সুযোগ লৈ দিন দুপৰতেই চুৰে লুটি নিলে নগদ ধন প্ৰায় ৪০ হাজাৰ টকাৰ লগতে ৮০-৯০ হাজাৰ টকাৰ সোণৰ অলংকাৰ। এই কাণ্ড সংঘটিত হল লংকাৰ ৬ নং ৱাডৰ লক্ষ্যণ চাহুৰ ঘৰত। বৃহস্পতিবাৰে চাহুৱে নিজ সন্তানটোক বিদ্যালয়ত থৈ চাহু দম্পত্তী লংকাৰ ২ নং গেটৰ সমীপত কোনো আত্মীয়ৰ ঘৰলৈ গৈছিল পূজা খাবলৈ। ঠিক তেনেতে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চুৰবৃত্তি। প্ৰথমে ৰড লৈ ঘৰৰ আগফালৰ দৰ্জাৰ তলা ভাঙিবলৈ চেষ্টা কৰে যদিও বিফল হৈ ঘৰৰ শুৱনি কোঠাত থকা এগজাষ্ট ফেনৰ ফুটা দি প্ৰৱেশ কৰি গদৰেজৰ তলা ভাঙি প্ৰায় ৮০-৯০ হাজাৰ টকাৰ মূল্যৰ সোণৰ আ অলংকাৰ লগতে নগদ ধন ৪০ হাজাৰ টকা লৈ উধাও হৈ পিছপিনৰ দুৱাৰেদি। ভুক্তভোগী লক্ষ্যণ চাহুৱে লংকা থানাত এজাহাৰ দাখিল কৰিছে।