গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মে’ : লক ডাউনৰ মাজতে মহানগৰীত চলিছে ড্ৰাগছৰ হোম ডেলিভাৰী। যদু দাসে জালুকবাৰীৰ পৰা চলিছে ড্ৰাগছৰ হোম ডেলিভাৰী। শুকুৰবাৰে ড্ৰাগছৰ হোম ডেলিভাৰী কৰিবলৈ আহোতে আৰক্ষীৰ হাতত ধৰা পৰিল যদু দাস, আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৩০০ মিলিগ্ৰাম ড্ৰাগছ, এখন চাৰিচকীয়া বাহন আৰু বহু আপত্তিজনক সামগ্ৰী।

বিশ্বব্যাপী কভিড-১৯ কৰ’ণা ভাইৰাছৰ আতংকৰ মাজতে জনসাধাৰণৰ এতিয়া গৃহবন্দী।কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ৰাইজ ঘৰৰ ভিতৰৰ পৰাই চলাই গৈছে সকলো কাম। ঘৰৰ ভিতৰতে থাকি কার্যলায়ৰ কাম-কাজ চলাই আছে বহুতে, আনকি বহুতে আকৌ প্ৰয়োজনীয় সমগ্ৰীও ঘৰৰ ভিতৰতে থাকি সংগ্ৰহ কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে বহু লোকে ৰাইজক সেৱা আগবঢ়াই দিয়াৰ লগতে ৰাইজক ঘৰৰ ভিতৰতে প্ৰয়োজনীয় সামগ্ৰী উপলব্ধ কৰাই হোম ডেলিভাৰী হিচাপে লাভ কৰিছে এক নতুন কৰ্মসংস্থাপন। এই ক্ষেত্ৰত কিন্ত পিছ পৰি ৰোৱা নাই নিচা জাতীয় সামগ্ৰীৰ বেহাৰ লগত জড়িত ব্যৱসায়ী সকলে। নিচা জাতীয় সামগ্ৰীৰ বেহাৰ লগত জড়িত ব্যৱসায়ী সকলেও নিজৰ গ্ৰাহক সকলক প্ৰদান কৰিছে হোম ডেলিভাৰীৰ সুবিধা।

মহানগৰীত ড্ৰাগছৰ হোম ডেলিভাৰী দিয়া নিচা জাতীয় সামগ্ৰীৰ বেহাৰ জড়িত যদু দাস নামৰ এজন লোক শুকুৰবাৰে জালত পৰিল জালুকবাৰী আৰক্ষীৰ। মালিগাঁৱত গ্ৰাহকক ড্ৰাগছ যোগান ধৰিবলৈ আহি আৰক্ষীৰ হাতত ধৰা পৰিল যদু দাস। জানিবলৈ পোৱা মতে দীঘলীয়া ধৰি নিচা জাতীয় সামগ্ৰীৰ বেহাৰ লগত জড়িত যদু দাসে লক ডাউন আৰম্ভ হোৱাৰে পৰা ড্ৰাগছ আসক্ত লোক সকলক ড্ৰাগছৰ হোম ডেলিভাৰী দি আছিল। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে মালিগাঁৱত অভিযান চলাই যদু দাসক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে যদু দাসৰ কবলৰ পৰা ৩০০ ৩০০ মিলিগ্ৰাম ড্ৰাগছ, এখন চাৰিচকীয়া বাহন আৰু বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।