শিবেন্দু বৰা
জুৰীয়া
২২ জুলাই
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমান্তৰালে লাওখোৱা অভয়াৰণ্যতো অধিক সংহাৰী ৰূপ ধাৰণ কৰিছে বানপানীয়ে। ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে অভয়াৰণ্যখনৰ বিস্তীৰ্ণ এলেকা প্লাবিত কৰাত বন্যপ্ৰাণী সমূহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নিৰাপদ স্থানৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ বন্যপ্ৰাণী সমূহ প্ৰৱেশ কৰিছে কাষৰীয়া গাঁও সমূহত।
ৰাজ্যত ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে। নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা নৈ-উপনৈ সমূহে বিভীষিকাৰ সৃষ্টি কৰিছে বানাক্ৰান্ত ৰাইজৰ মাজত। বানৰ কবলত পৰা লাখ লাখ লোকে প্ৰাণৰ মায়াত ঘৰ এৰি আশ্ৰয় শিবিৰ সমূহত থাকিবলৈ বাধ্য হৈছে। মানুহৰ সমান্তৰালে কালৰূপী বানৰ পৰা ৰক্ষা পৰা বন্যপ্ৰাণী সমূহো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্য প্লাবিত হৈ পৰাত বন্যপ্ৰাণী সমূহলৈ সংকট নামি আহিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সমূহে প্ৰাণ ৰক্ষাৰ বাবে বাঢ়নী পানীৰ মাজৰ পৰা ওলাই আহি কাৰ্বি পাহাৰত আশ্ৰয় লোৰ পৰিবৰ্তে পবিতৰা অভয়াৰণ্যৰ গঁড়, মহ, বনৰীয়া গাহৰি সমূহে অভয়াৰণ্যখনৰ ভিতৰত থকা ওখ থকাই সমূহত আশ্ৰয় লৈছে।
ইফালে নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যখনৰো বিস্তীৰ্ণ অঞ্চল বিগত কিছুদিন ধৰি প্লাবিত হৈ থকাৰ মাজতে বুধবাৰে পুৱাৰ ভাগৰে পৰা লাওখোৱা অভয়াৰণ্যত অধিক অৱনতি ঘটিছে বান পৰিস্থিতিৰ। ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ অধিক বৃদ্ধি পোৱাত লাওখোৱাত বৃদ্ধি পাইছে বানৰ বিভীষিকা। ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে ৬ নং ভগামুখত লাওখোৱা অভয়াৰণ্যলৈ যোৱা পথটো উটুৱাই নিয়াত অভয়াৰণ্যখনৰ মূল প্ৰৱেশ পথটো সম্পূৰ্ণ ৰূপে ডুব গৈছে। ৬ নং আৰু ৭ নং ভগামুখলৈও যোৱা অন্যতম পথটোও বানে ছিঙি নিয়া অভয়াৰণ্যখনৰ পানীৰ তলত ডুব যোৱাৰ লগতে কাষৰীয়া গাঁও সমূহৰ ৰাইজৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ।
ভয়াবহ বানৰ কবলত পৰা লাওখোৱা অভয়াৰণ্যৰ বহু বন্যপ্ৰাণীয়ে প্ৰাণ ৰক্ষাৰ বাবে কাষৰীয়া গাঁও সমূত প্ৰৱেশ কৰিছে। ইতিমধ্যে বন বিভাগে কেইবাটাও পহু, বনৰীয়া গাহৰি আৰু সাপ উদ্ধাৰ কৰিছে গাঁও সমূহৰ পৰা। বৰ্তমান ৰাজ্যৰ ২৫ খন জিলাৰ ২,৪০৯ খন গাঁৱৰ ২৪ লাখতকৈও অধিক লোক বানপানীৰ ফলত প্ৰভাৱিত হৈ আছে। বানপানীৰ কবলত পৰি চলিত বছৰত ৰাজ্যত মৃত্যু হৈছে ৮৮ গৰাকী লোকৰ।