শিবেন্দু বৰা
জুৰীয়া
১২ আগষ্ট

লাওখোৱা বুঢ়াচাপৰিত বনৰীয়া ম’হ হত্যা কৰা এজন চোৰাং চিকাৰী আটক। বন কৰ্মীৰ বৃহৎ দল এটাই বুধবাৰে পুৱাৰ ভাগত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই এজন চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত চোৰাং চিকাৰীজন বাটলিচাপৰিৰ আতাবুৰ ৰহমান।

বন কৰ্মীৰ দলটোৱে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই আতাবুৰ ৰহমান নামৰ চোৰাং চিকাৰীজনক আটক কৰিবলৈ সক্ষম হয় যদিও দলটোৰ আনকেইটা সদস্য বৰ্তমানো পলাতক অৱস্থাত আছে। উল্লেখ্য যে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ ৮ জনকৈ বন কৰ্মী কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ সুযোগ গ্ৰহণ কৰি অভয়াৰণ্যখনত চোৰাং চিকাৰীৰ দপদপনি বৃদ্ধি পাইছে। সোমবাৰে নিশা অভয়াৰণ্যখনৰ বাটলিচাপৰিৰ নতুন চৰত বনৰীয়া ম’হ এটাক ফান্দ পাতি চোৰাং চিকাৰীয়ে হত্যা কৰিছিল। চোৰং চিকাৰীয়ে বনৰীয়া ম”হ টোক ফান্দত আবদ্ধ কৰি ৰখা খৱৰ বন বিভাগে লাভ কৰাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় যদিও উপযুক্ত চিকিৎসাৰ অভাৱত ফান্দতে আবদ্ধ হৈ থকা ম’হ টোৰ বন বিভাগৰ সন্মুখতে মৃত্যু হৈছিল। ঘটনাৰ পিছতে ঘটনাস্থলীত বন বিভাগৰ উচ্চ পদস্থ বিষয়া-কৰ্মচাৰী উপস্থিত হৈ চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও মঙলবাৰে এজনো চোৰাং চিকাৰীক কৰিবলৈ সক্ষম হোৱা নাছিল বন বিভাগ।

বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে মঙলবাৰে পুৱাৰ ভাগত পুনৰ অভিযান চলাই এজন চোৰাং চিকাৰীক আটক কৰে। বনৰীয়া ম’হ হত্যাৰ লগত জড়িত অন্যান্য চোৰাং চিকাৰীক আটক কৰিবলৈ বৰ্তমানেও বনবিভাগে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।