শিবেন্দু বৰা

জুৰীয়া

২৬ আগষ্ট

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত পুনৰ বন্যপ্ৰানী নিধন। চোৰাং চিকাৰীয়ে হত্যা কৰিলে বনৰীয়া গাহৰি। বন বিভাগে ঘটনা গাপ দিয়াৰ চেষ্টা পৰিলক্ষিত। মৰোনত্তৰ পৰীক্ষা নকৰাকৈ মাটিত পুথি থোৱা হ’ল চোৰাং চাকৰিয়ে হত্যা কৰা বনৰীয়া গাহৰিৰ মৃতদেহ।

এশিঙীয়া গঁড়ৰ বাবে বিশ্বৰ ভিতৰত সবাতোকৈ উপযুক্ত প্ৰাকৃতিক বিচৰণ ভূমি হিচাপে চিহ্নিত লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত একাংশ বন বিষয়াৰ চূড়ান্ত গাফিলতিৰ ফলত বৰ্তমান সম্পূৰ্ণৰূপে নাইকিয়া হৈছে গঁড়। গঁড় শূণ্য হৈ পৰা অভয়াৰণ্যখনত এতিয়া সংকট নামি আহিছে অন্য প্ৰাণী সমূহৰ জীৱনলৈ। বিগত কিছুদিন ধৰি লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বৃদ্ধি পাইছে চোৰাং চিকাৰীৰ দদপনি। কিছুদিনৰ পূৰ্বে অভয়াৰণ্যখনত হৰিণা, বনৰীয়া ম’হকে ধৰি কেইবাটাও বন্যপ্ৰাণী চোৰাং চিকাৰীৰ হাতত নিধন হোৱাৰ পিছত বৃহস্পতিবাৰে এটা বনৰীয়া গাহৰিক হত্যা কৰিলে চোৰাং চিকাৰীয়ে।

চোকা অস্ত্ৰৰে বনৰীয়া গাহৰিটোক আক্ৰমণ কৰি হত্যা কৰে চোৰাং চিকাৰীয়ে। ইফালে মৃত বনৰীয়া গাহৰিটোৰ মৃতদেহ উদ্ধাৰ কৰি নগাঁও জিলাৰ গড়াজান বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত সুতিৰপাৰ উপ বনখণ্ডৰ বন বিষয়াই মৰোনত্তৰ পৰীক্ষা নকৰাকৈনমাটিত পুতি থোৱাত বন বিভাগে ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বন বিভাগৰ চৰম গাফিলিতিৰ বাবেই চোৰাং চিকাৰীয়ে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত এটাৰ পিছত আনটো বন্যপ্ৰাণী নিধন কৰাৰ সুযোগ গ্ৰহন কৰিছে বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে। বন বিভাগৰ অকৰ্মন্যতাৰ ফলতেই এমাহৰ ভিতৰতে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত তিনিটাকৈ বন্যপ্ৰানী চোৰাং চিকাৰীয়ে হত্যা কৰিছে।

এতিয়া প্ৰশ্ন হয় বন্যপ্ৰানী সুৰক্ষাৰ বাবে অভয়াৰণ্যখনত বনকৰ্মী দিনে নিশাই তহল দি থকাৰ পিছতো এটা মাহত তিনিটাকৈ বন্যপ্ৰানী কেনেকৈ হত্যা কৰিব পাৰে চোৰাং চিকাৰীয়ে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পাবিতাৰ অভয়াৰণ্যৰ ক্ষেত্ৰত বনমন্ত্ৰী গৰাকীয়ে প্ৰদান কৰা গুৰুত্ব লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ ক্ষেত্ৰত আছেনে? গঁড় শূণ্য হৈ পৰাৰ দৰে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যখন এসময়ত বন্যপ্ৰাণীও শূন্য হৈ পৰিব নেকি?