ডিফু 

৩১ আগষ্ট

ড্ৰাগছ বিৰোধী অভিযান চলাই কাৰ্বি আংলং আৰক্ষীৰ আন এক বৃহৎ সাফল্য৷ সোমবাৰে লাহৰিজানত নিষিদ্ধ হেৰইনসহ আটক কৰিলে দুই সৰবৰাহকাৰীক। চাবোনৰ বাকছৰ পৰা উদ্ধাৰ কৰিলে ৫৭২ গ্ৰাম ওজনৰ হেৰইন।

বিগত কিছুদিন ধৰি কাৰ্বি আংলং-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত কাৰ্বি আংলং আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ, গাঞ্জা, হেৰইনসহ কেইবাগৰাকী সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হোৱাৰ সময়তে সোমবাৰে পুনৰ বৃহৎ পৰিমাণৰ হেৰইনসহ দুজন সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ অনুসৰি পুৱা ৪ মান বজাত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু বাহাদুৰ ছেত্ৰী আৰু লাহৰিজান পহৰাচকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজল গগৈৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই হেৰইনসহ দুজন সৰবৰাহকাৰী আটক কৰে। আৰক্ষীৰ দলটোৱে এছ-২৫-ডি চি-৮৬১৬ পঞ্জীয়ন নম্বৰৰ এখন টাটা ডিআই গাড়ীত তালাচী চলাই গাড়ীখনত থকা স্পেয়াৰ টায়াৰৰ ভিতৰৰ পৰা ৫৭২ গ্ৰাম ওজনৰ হেৰইন ভৰ্তি ৩৩ টা চাবোনৰ বাকছ উদ্ধাৰ কৰে।

প্ৰাথমিক পৰীক্ষাত ড্ৰাগছ ডিটেকছন কিটত আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় সমগ্রীখিনি হেৰইন বুলি নিশ্চিত কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে। হেৰাইনসহ আটক হোৱা সৰবৰাহকাৰী দুজন গোলাঘাট জিলাৰ চুঙাজান থানাৰ অন্তৰ্গত পাঁচমুখী গাঁৱৰ ছবৰ আলীৰ পুত্ৰ ছাদ্দাম হুছেইন আৰু নগাওঁ জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত তজমুল হুছেইনৰ পুত্ৰ কাছেম আলী বুলি জানিব পৰা গৈছে।