ফজলুৰ ৰহমান

সোণতলী 

৫ অক্টোবৰ

গ্ৰামন্নোয়ন বিভাগৰ কোনো আচঁনিয়েই ৰূপায়ন নোহোৱা অৱস্থাত পঞ্চায়ত কৰ্মী আৰু ভিজিলেঞ্চৰ সদস্যই ধন আত্মসাত কৰা বুলি অভিযোগ তুলি ভূৱা তথ্যৰ ওপৰত মিছা গোচৰ ৰুজু কৰা যুৱক এজন অৱশেষত পৰিল আৰক্ষীৰ জালত৷ ৰাইজৰ ৰোষৰ বলি হোৱা যুৱকজন ৰাজহুৱা গোচৰৰ ভিত্তিত আলহী হ’ব লগীয়া হ’ল ৰঙাঘৰৰ৷ আনৰ বাবে খাল খন্দি নিজেই সেই খালত পৰা ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকো সমষ্টিৰ ৪৮ নং ছমৰীয়া গাঁও পঞ্চায়তৰ  এলেকাধীন কাহিবাৰী গাঁৱত৷

প্ৰাপ্ত তথ্যমতে, কাহিবাৰী নিবাসী যতীন কৰ্মকাৰ নামৰ যুৱকজনে ছমৰীয়া গাঁও পঞ্চায়তৰ ২০১৬-১৭ বৰ্ষৰ এম জি এনৰেগ আচঁনিৰ অধীনত কাহিবাৰী আৰু পুঠিমাৰীত নিৰ্মাণ হোৱা দুটা কৃষি বান্ধৰ কামৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰি ছমৰীয়া পহৰা চকীত যোৱা ২৮ আগষ্টত দাখিল কৰিছিল এখনি এজেহাৰ৷ পিচে ভূৱা তথ্য আৰু মিছা অভিযোগৰ ভিত্তিত যুৱকজনে দাখিল কৰা এজেহাৰক লৈ জাঙুৰ খাই উঠে ছমৰীয়া গাঁও পঞ্চায়তৰ সৰ্বস্তৰৰ লোক৷ গাঁও পঞ্চায়তখনৰ সচিব, জে আৰ এচকে ধৰি ভিজিলেঞ্চ কমিটীৰ তিনি গৰাকী সদস্যৰ বিৰুদ্ধে দিয়া উক্ত গোচৰক লৈ সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত পঞ্চায়ত সভাপতি বুদ্ধেশ্বৰ মণ্ডলৰ পৌৰহিত্যত অনুষ্ঠিত হয় পঞ্চায়তখনৰ এলেকাধীন সকলো শ্ৰেনীৰ দল-সংগঠনৰ নেতৃবৃন্দ, ছমৰীয়া সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিশিষ্ঠ ব্যক্তিসকলৰ এক বিশেষ গাঁওসভা ৷ উক্ত বিশেষ গাঁওসভাৰ প্ৰস্তাৱ মৰ্মেই সমাজবিৰোধী কাৰ্যকলাপত জড়িত থাকি উন্নয়নৰ নামত মিছা গোচৰ ৰুজু কৰি একাংশ লোকক অযথা হাৰাশাস্তিৰ চেষ্টা কৰা যতীন কৰ্মকাৰৰ বিৰুদ্ধে বকো থানা ও ছমৰীয়া পহৰা চকীত ৰাজহুৱা এজেহাৰ দাখিল কৰে৷

ইয়াৰ উপৰিও যুৱকজনৰ বিৰুদ্ধে কামৰূপ জিলাৰ উপায়ুক্ত, জিলা প্ৰকল্প বিষয়া, বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, ছমৰীয়া ৰাজহ চক্ৰ বিষয়া, ছমৰীয়া খণ্ড উন্নয়ন বিষয়াক অভিযোগ পত্ৰও প্ৰদান কৰা হয়৷ ইফালে, কামৰূপ জিলাৰ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে ছমৰীয়া উন্নয়ন খণ্ড বিষয়াই বিভাগীয় অভিযন্তাৰ সৈতে কৰা চৰজমিন তদন্তত ওলাই পৰে জোলোঙাৰ মেকুৰি৷ লক্ষণীয়, যুৱক যতীন কৰ্মকাৰে এজেহাৰত উল্লেখ কৰা মতে কাহিবাৰী আৰু পুঠিমাৰীত এম জি এনৰেগ আঁচনিৰ অধীনত ছমৰীয়া উন্নয়ন খণ্ডৰ জৰিয়তে কোনো কৃষি বান্ধৰ কাম কৰা দূৰৰে কথা বিভাগীয়ভাৱেও উক্ত কামৰ কোনো আঁচনিয়েই যে ধাৰ্য কৰা হোৱা নাই ইয়াৰ তথ্য পোহৰলৈ আহে৷ এনে অৱস্থাত এই ভূৱা ও মিছা গোচৰ সম্পৰ্কত খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জিলা উৰায়ুক্তৰ ওচৰত দাখিল কৰে এক প্ৰতিবেদন৷ উক্ত প্ৰতিবেদনৰ আধাৰতে বকো আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া আটক কৰে যতীন কৰ্মকাৰক৷ বকো আৰক্ষীয়ে ধৃত যতীন কৰ্মকাৰক ছমৰীয়া আৰক্ষীক গতাই দিয়াৰ পিছত ছমৰীয়া আৰক্ষীয়ে যতীন কৰ্মকাৰক জেল হাজোতলৈ প্ৰেৰণ কৰে৷

ইফালে, ছমৰীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে যতীন কৰ্মকাৰে দাখিল কৰা এজেহাৰৰ কোনো ক্ষেত্ৰ ভিত্তিক তদন্ত নকৰাকৈয়ে যতীন কৰ্মকাৰৰ সৈতে বুজাবুজি কৰি পঞ্চায়ত কৰ্মী আৰু ভিজিলেঞ্চৰ সদস্যৰ বিৰুদ্ধে  ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬/ ৪০৭– ৩৪ ধাৰাত  ৰুজু কৰিছিল ৯৯৪/২০ নং এটি গোচৰ ৷ লক্ষণীয় বিষয় যে,ৰঙা ঘৰৰ আলহী হোৱা যতীন কৰ্মকাৰে কিছুমান নিৰপৰাধী ও দৰিদ্ৰ লোকক টাৰ্গেট কৰি ছমৰীয়া আৰক্ষীৰ জৰিয়তে মিছা গোচৰৰ দ্বাৰা অযথা হাৰাশাস্তি কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷