গুৱাহাটী
১৬ আগষ্ট
বিগত “কা” আন্দোলনৰ সময়ৰ পৰাই কেৱল মাথোঁ নিজ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ উদ্দেশ্যৰে আছুৰ সত্বাক ব্যৱহাৰ কৰিছে লুৰিণজ্যোতি গগৈয়ে। অসমৰ জনসাধাৰণৰ আৱেগক ধুলিসাৎ কৰি ভৰিৰে মোহাৰিবলৈয়ো কুণ্ঠিত হোৱা নাই বৰ্তমানৰ আছুৰ সম্পাদক গৰাকী৷ সুদীৰ্ঘ সময় অসমৰ ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰি অহা অসমীয়া জাতীয় সংগঠনটোক কেৱল মাথোঁ কেইজনমান নেতাৰ ন্যস্ত স্বাৰ্থ পূৰণৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে বৰ্তমানৰ আছুৰ সম্পাদকগৰাকীয়ে৷ আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈক আক্ৰমণ ভাৰতীয় জনতা যুৱমৰ্চাৰ।
ভাৰতীয় জনতা যুৱমৰ্চাই আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈক তীব্ৰ আক্ৰমণ কৰি দেওবাৰে সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃত্তি প্ৰেৰণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আছুৰ বৰ্তমানৰ সম্পাদক লুৰিণজ্যোতি গগৈ সন্দৰ্ভত গুৰুত্বৰ অভিযোগ উত্থাপন কৰে। বৰ্তমান আছু কোনো জাতীয় সংগঠন হৈ থকা নাই, ক্ৰমান্বয়ে ই এক ৰাজনৈতিক দললৈ পৰিৱৰ্তন হৈছে৷ এই কথা সংগঠনটোৰ নেতৃত্বৰ মুখত ইতিমধ্যেই স্পষ্ট হৈ পৰিছে বুলি উল্লেখ কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মণ। এক প্ৰেছ বিবৃতিৰ জৰিয়তে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কমিটি খনৰ প্ৰস্তাৱসমূহ নিৰ্দিষ্ট সময়সীমাৰ পূৰ্বেই ৰাজহুৱা কৰাটোৱে আছুৰ ন্যস্ত অভিসন্ধিকে সূচায়৷ অন্যথা কমিটিখনে চৰকাৰক বান্ধি দিয়া দুবছৰ সময়সীমাৰ পাঁচ মাহ নহওঁতেই আছুৱে ইমান লৰালৰিকৈ প্ৰস্তাৱসমূহ ৰাজহুৱা কৰাৰ বিশেষ কোনো কাৰণ নাছিল৷ হয়তো বিগত ৩৫ বছৰে কাৰ্যকৰী নোহোৱাকৈ পৰি ৰোৱা বিষয় এটা সমাধানৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্যপন্থাই আছুৰ আগন্তুক ৰাজনৈতিক কুচকাৱাজত প্ৰভাৱ পেলাব বুলি লুৰিণজ্যোতি গগৈ প্ৰমুখ্যে একাংশ নেতৃবৰ্গ শংকিত হৈছে আৰু সেয়েহে ইচ্ছ্যুটোক লৈ বিতৰ্কৰ সৃষ্টি কৰি ৰাজনৈতিক বতাহ উত্তাল কৰি ৰাখিবলৈ চৰকাৰক আক্ৰমণ আৰম্ভ কৰিছে৷ যুৱমৰ্চাৰ সভাপতি গৰাকীয়ে লগতে কয় যে সৌ সিদিনা লুৰিণজ্যোতি গগৈয়ে “হু ইজ হিমন্ত বিশ্ব শৰ্মা” বুলি কোৱা কথাটোৱে আচলতে তেওঁৰে অজ্ঞতাৰ কথা সূচাইছে। তেওঁ হয়তো পাহৰিছে যে, আছুৰ পৰাই জন্ম লভা আৰু প্ৰায় দহ বছৰ কাল শাসনত অধিষ্ঠিত থকা প্ৰফুল্ল কুমাৰ মহন্ত দেৱৰ নেতৃত্বাধীন অগপ চৰকাৰে কিম্বা কংগ্ৰেছ চৰকাৰে সামান্যতমো সদিচ্ছা প্ৰকাশ নকৰাকৈয়ে ৩৫ বছৰ কাল অসম চুক্তিৰ প্ৰতিটো দফা কেৱল কাগজতেই পৰি ৰ’ল। বিজেপি দল ক্ষমতালৈ আহিয়েই অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালসমূহক মৰ্যদা প্ৰদান কৰি আৰ্থিক অনুদানো আগবঢ়াইছিল। যুৱমৰ্চাৰ সভাপতি গৰাকীয়ে লুৰিণজ্যোতি গগৈক উদ্দেশ্যি কয় যে, আপুনি নিশ্চয় জানে যে, ড° হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ এজন সন্মানীয় মন্ত্ৰী, অসমৰ ৰাইজৰ প্ৰতিনিধি। ৬ নং দফা সন্দৰ্ভত অসমৰ সকলো ৰাইজৰে মাত মতাৰ অধিকাৰ আছে কাৰণ সেইটো কেৱল লুৰিণজ্যোতি গগৈৰ ব্যক্তিগত বিষয় নহয়। ৰাইজৰ প্ৰতিনিধি হিচাপে এইক্ষেত্ৰত মত প্ৰকাশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে মন্ত্ৰীগৰাকীৰ৷ লুৰিণজ্যোতি গগৈয়ে এইটোও জনা উচিত যে অসম বিধানসভাই গ্ৰহণ কৰাৰ পিছতহে অসমীয়াৰ সংজ্ঞা নিৰূপণ হ’ব আৰু তেতিয়াহে অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণ বাস্তৱায়িত হ’ব৷
ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি গৰাকীয়ে আছুৰ সম্পাদক লুৰিনজ্যোতি গগৈক প্ৰশ্ন কৰে যে, আজি যদিহে অসমৰ ৰাইজে প্ৰশ্ন কৰে, “হু ইজ লুৰিনজ্যোতি গগৈ বুলি? অসমৰ ৰাইজৰ ক্ষেত্ৰত তেওঁৰ অৱদান কি বুলি?” কি উত্তৰ দিব লুৰিনজ্যোতি গগৈয়ে? শ্ৰীমন্ত শংকৰ শংঘৰ দৰে এক জাতীয় অনুষ্ঠানকো অপমান কৰিব পৰা লুৰিণজ্যোতি গগৈৰ শিষ্টাচাৰ অসমৰ ৰাইজে ইতিমধ্যে জানিছেই। গতিকে আমি এটাই আহ্বান জনাওঁ অসমৰ ৰাইজলৈ ৰাইজে বিচাৰ কৰক, অসমৰ ৰাইজৰ আৱেগ, শ্বহীদৰ তেজ আৰু আত্মাৰ অনুষ্ঠান আছুক মাথোঁ কেইজনমান ব্যক্তিৰ ন্যস্ত স্বাৰ্থ পূৰণৰ কাৰণে কোনোৱে ব্যৱহাৰ নকৰে৷