মাৰ্ঘেৰিটাৰ পৰা ৰবীন শৰ্মা, ৭ জানুৱাৰী: ২০১৭ চনৰ ১ এপ্ৰিলৰ পৰা ৰাজ্যত অটল অমৃত যোজনাৰ কাম দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে ৷ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জনকল্যাণকামী আঁচনি অটল অমৃত অভিযানৰ হিতাধিকাৰীসকলৰ চিকিৎসাৰ সাহায্য প্ৰদানৰ বাবে চৰকাৰে দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা, মধ্যবিত্ত লোকৰ বাবে এই আঁচনি ৰূপায়ণ কৰিছে। ইতিমধ্যে অসমৰ লগতে দেশৰ একাংশ জনসাধৰণ এই আঁচনিখনৰ জৰিয়তে লাভান্বিত হোৱা পৰিলক্ষিত হৈছে। দৰিদ্ৰ লোকে যাতে জটিল ৰোগ সমূহৰ চিকিৎসা সহজতে কৰিব পাৰে তাৰ বাবে চৰকাৰে এই আঁচনি ৰূপায়ণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাটো অটল অমৃত যোজনাৰ প্ৰ-পত্ৰ পূৰণৰ লগতে হিতাধিকাৰীসকলক স্মাৰ্ট কাৰ্ডৰ বিতৰণ দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে যদিও তিনিচুকীয়া জিলাৰ লেখাপানীত অটল অমৃত যোজনাৰ স্মাৰ্ট কাৰ্ডত দেখা দিয়া বিসংগতিয়ে এতিয়া চকু কপালত তুলিছে সকলোৰে কোনোখন স্মাৰ্ট কাৰ্ডত যদি হিতাধিকাৰীৰ নাম আৰু জন্মৰ চন ভূলকৈ দেখা গৈছে, কোনোখনত আকৌ পুৰুষৰ সলনি মহিলা আৰু মহিলাৰ সলনি পুৰুষৰ ফটো দেখা গৈছে। লেখাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত টিৰাপগেটৰ নিৱাসী ৰাজলক্ষ্মী ডেকা আৰু তেওঁৰ স্বামী বণীকান্ত ডেকাৰ দুয়োখন স্মাৰ্ট কাৰ্ডত ফটোত দেখা দিছে বিংসগতি। ইপিনে, চৰকাৰৰ ফালৰ পৰা জনসাধাৰণৰ সহায়ৰ বাবে ২৪X৭ বিনামূলীয়া ১৮০০১০২৭৪৮০ এটা নম্বৰ দিয়া হৈছে যদিও এই নম্বৰৰ জৰিয়তে জানাসাধাৰান লাম্ভাবীত হোৱা নাই বুলি বহুতে অভিযোগ কৰিছে।