গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মে’ : আমবাৰীস্থিত অগপৰ কাৰ্যালয়ত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক। বৈঠকৰ অন্তত প্ৰফুল্ল কুমাৰ মহন্ত মন্তব্য “লোকসভাৰ নিৰ্বাচনক লৈ পৰ্যালোচনা চলিছিল বৈঠকত। ফলাফল ঘোষণাৰ পাছতো পৰ্যালোচনা হ’ব।

কেৱৰ বিৰোধিতা কৰাটো দলৰ সিদ্ধান্ত আছিল, অকল অসম সংগ্ৰামী মঞ্চৰ সিদ্ধান্ত নহয়।”

আনহাতে, বিজেপিৰে সৈতে কৰা মিত্ৰতাৰ সন্দৰ্ভত কয় “বিজেপিৰে মিত্ৰতা প্ৰসংগ ভুল নে শুদ্ধ সেইয়া দলৰ মজিয়াত আলোচনা কৰিম। সংবাদমাধ্যমৰ আগত কোৱা নহয়।”

ইফালে কংগ্রেছক ভোট দিবলৈ আহ্বান জনোৱা বুলি মহন্তৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত মহন্তই কয় “অনুশাসন ভংগ কৰিছোঁ নে নাই সেয়া দলে আলোচনা কৰিব। অনুশাসন ভংগ কৰাহেতেন সংবাদমাধ্যমত ওলাল হেঁতেন।”