গুৱাহাটী, সংবাদ ৩৬৫, ২৬ মে’ : মহানগৰীৰ হোটেল অম্বৰীশত প্ৰদ্যুত্ বৰদলৈৰ সংবাদমেল । সংবাদমেলত প্ৰদ্যুৎ বৰদলৈৰ অভিযোগ বিজেপি চৰকাৰে আৰ এছ এছৰ সহযোগত মেৰুকৰণ কৰিলে।
সংবাদমেলত বৰদলৈৰ মন্তব্য লোকসভা নিৰ্বাচনত চৰকাৰে ধৰ্মীয় মেৰুকৰণ কৰিলে । এটা ভৱিষ্যত্ অসমখনৰ বাবে ভয়াৱহ । বিজেপিয়ে দুখন পৃথিৱী সৃষ্টি কৰি লৈছিল। সৰু পৃথিৱীখনত ধৰ্মীয় সংখ্যালঘুসকলক সুমুৱাই লৈছিল। ডাঙৰ পৃথিৱীখনত হিন্দু সকলক সুমোৱাই লৈছিল ।
সংবাদমেলত প্ৰদ্যুৎ বৰদলৈয়ে আৰু কয় “নগাঁও সমষ্টিটোত ৩৪% ধৰ্মীয় সংখ্যালঘু ভোট আছে। মোৰ ভোট শ্বেয়াৰ ৫২%, বাকীখিনি মোক কোনে দিলে? লাহৰীঘাট, যমুনামুখৰ ভোট বাদ দি ৪ লাখ ভোট পালো । নগাঁও সদৰত আমি আগতকৈ ভোট বেছি পাইছো। সকলো ধৰ্ম, জাতি-জনগোষ্ঠীৰ ভোট লাভ কৰিছো। অন্যথা নগাঁৱত কোনো জয়ী হ’ব নোৱাৰে ।”
“বিজেপিৰ উগ্ৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সদায় যুঁজি যাম। বিজেপিৰ এই সাম্প্ৰদায়িকতা আমাৰ ডি এন এ নহয়।” এই মন্তব্য বৰদলৈৰ।
বঢ়মপুৰত কম ভোট পোৱাক লৈ বৰদলৈয়ে কয় “বঢ়মপুৰত মই কম ভোট পাইছো । প্ৰফুল্ল মহন্তই সহায় কৰা হ’লে বেছি ভোট পালোহেতেন। এ আই ইউ ডি এফৰ সুমতি হ’ল বাবেই হয়টো প্ৰাৰ্থী নিদিলে। “