নৱজ্যোতি বৰুৱা

চামগুৰি

২৭ আগষ্ট

লোৰ শিকলিৰে বান্ধি তলা মাৰি ৰখা হৈছে এগৰাকী যুৱক। এটা বাসগৃহৰ ভিতৰত যুৱক গৰাকীক আৱদ্ধ কৰি ৰখাৰ দৃশ্য প্ৰত্যক্ষ কৰিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। মানসিক ভাৰসাম্য হেৰুৱাই যুৱক গৰাকীয়ে কৰা কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ ওচৰ-চুবুৰীয়াই লোৰ শিকলিৰে বান্ধি ৰাখিবলৈ বাধ্য হৈছে নগাঁৱৰ পুৰণিগুদাম তেলিয়াগাৱঁৰ পাপুল শইকীয়া নামৰ যুৱক জনক।

১০ বছৰ পূৰ্বে কৰ্মৰ সন্ধানত নগাঁৱৰ পুৰণিগুদাম তেলিয়াগাৱঁৰ পৰা হায়দৰাবাদলৈ গৈছিল পাপুল শইকীয়া নামৰ যুৱক গৰাকী। কিছুদিন হায়দৰাবাদত থাকি নিজ জন্মভূমি অভিমুখে ঘূৰি অহাৰ পাছৰে পৰা মানসিক ভাৰসাম্য হেৰুৱাই পাপুল শইকীয়া এতিয়া নিজ পিতৃ-মাতৃ আৰু ওচৰ-চুবুৰীয়াৰ বাবে হৈ পৰিছে আতংকৰ অন্য এটা নাম। মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা পাপুল শইকীয়াই নিজ ঘৰখন এফালৰ পৰা ভাঙি তচ-নচ কৰাৰ লগতে ওচৰ-চুবুৰীয়াৰ সা-সম্পত্তি নষ্ট কৰিও সকলোকে আতংকিত কৰি তুলিছে। ইয়াৰ উপৰিও নিজ ৰুগীয়া পিতৃ-মাতৃক পাপুল শইকীয়াই বিভিন্ন সময়ত প্ৰহাৰ কৰাৰ লগতে ওচৰ-চুবুৰীয়া আৰু বাটৰুৱাকো প্ৰহাৰ কৰি ইতিমধ্যে বহুতকে ঘূণীয়া কৰিছে।

পাপুল শইকীয়াৰ কৰ্ম-কাণ্ডৰ বাবে অঞ্চলবাসী ৰাইজ ভয়ত কম্পমান হৈ থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আনহাতে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা নিজ পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি পাপুল শইকীয়াৰ ৰুগীয়া পিতৃ-মাতৃ এতিয়া থাকিবলৈ বাধ্য হৈছে ভাড়াঘৰত, পিতৃৰ একমাত্ৰ উপাৰ্জনৰ থল স্বৰূপ দোকানখনো ভাঙি লণ্ডভণ্ড কৰিছে পাপুল শইকীয়াই। উল্লেখ্য যে কিছুদিন পূৰ্বে পাপুল শইকীয়াক তেজপুৰ মানসিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়খনৰ কৃতপক্ষই পাপুল শইকীয়াক ঘৰলৈ উভতাই পঠোৱাত এতিয়া চৰম অনিশ্চয়তাৰ মাজত দিন পাৰ কৰিছে পাপুল শইকীয়াৰ পিতৃ-মাতৃ আৰু ওচৰ-চুবুৰীয়াই।

আনহাতে ওচৰ-চুবুৰীয়া, স্থানীয় গাওঁবুঢ়া আৰু পাপুল শইকীয়াৰ ৰুগীয়া পিতৃ-মাতৃয়ে চামগুৰি আৰক্ষী তথা প্ৰশাসনক পাপুল শইকীয়াক উপযুক্ত চিকিৎসা প্ৰদানৰ বাবে কেইবাবাৰো আবেদন-নিবেদন কৰিছে যদিও আজি পৰ্যন্ত আৰক্ষী-প্ৰশাসনে কোনো সু-ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই। এতিয়া আৰক্ষী-প্ৰশাসনক স্থানীয় ৰাইজ আৰু পপুল শইকীয়াৰ পিতৃ-মাতৃয়ে অতিশীঘ্ৰেই বিষয়টোৰ ওপৰত গুৰুত্ব দি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।