গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মে’ : পুনৰবাৰ শাসনাধিস্থ দলৰ বিজয়ৰ পাছত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ প্ৰথমখন সংবাদমেল । সংবাদ মাধ্যমৰ আগত গগৈৰ মন্তব্য “ফলাফল নিশ্চিত ভাবে দেশবাসীৰ বাবে বেয়া খবৰ। জনগণে যেন নিজে নিজৰ বিৰুদ্ধে ভোট দান কৰিলে। ইমান ডাঙৰ জয়ৰ পাছতো মানুহৰ মাজত ফুৰ্তি নাই। অৰ্থাৎ বিকল্প বিহীনভাৱেহে ভোট দান কৰিছে। উপায় নাপাই কাৰণেহে জনগণে ভোটদান কৰিছে আৰু সেইবাবেই কোনো মানুহৰ নিৰ্বাচনত জয়ী হোৱাৰ পাছত কোনো আবেগ নাই, ফুৰ্তি নাই । কেৱল কর্মকৰ্তাৰ মাজতহে ফুৰ্তি আছে। ”

শক্তিশালী বিৰোধী পক্ষক নেদেখি বিজেপিক জনসাধাৰণে ভোট দিছে বুলি কৈ গগৈয়ে কয়” ভোট দি জনসাধাৰণ সন্তুষ্ট নহয়। শক্তিশালী বিৰোধী পক্ষক নেদেখি ভোট দিছে। এই ভোটদান নিজৰ বিৰুদ্ধে নিজেই ভোট প্ৰদান কৰাৰ নিচিনা হৈছে । ৰাইজে জানে যে বিজেপি চৰকাৰে কৃষকৰ কাৰণে একো কৰা নাই, নিবনুৱাৰ বাবেও একো কৰা নাই। বিজেপিৰ দিনতেই সৰ্বাধিক কৃষকৰ আত্মহত্যা হৈছে। যোৱা ৪৫ বছৰৰ ভিতৰত নিবনুৱা বৃদ্ধি পাইছে। ভোটদাতাসকলৰ বাবেও বিজেপি চৰকাৰে একো কৰা নাই।”

তেখেতে আৰু কয় “বিজেপি চৰকাৰক তিনিটা কাৰণৰ বাবেই ৰাইজে ভোট দিছে ৰাষ্ট্ৰবাদৰ কাৰণে, হিন্দুত্বৰ কাৰণে আৰু হিন্দু জাতীয়তাবাদ প্ৰভাৱশালী কৰাৰ বাবে । এইবাৰ নিৰ্বাচনৰ সময়ত হোৱা হিন্দু মুছলমানৰ উত্তেজনা কোনো নিৰ্বাচনৰ সময়ত দেখা নাছিলো । বিৰোধীৰ প্ৰতি সন্দেহ আৰু আস্থা হীনতাৰ বাবেই বিজেপিয়ে জয়লাভ কৰিলে। এই নিৰ্বাচনৰ জয় লাভৰ প্ৰধান কাৰক হিচাপে দেখা দিছিল বিজেপি আৰু আৰ এছ এছৰ পেছাদাৰীত্ব , ব্যাপক ধনৰ প্ৰয়োভৰ আৰু সৰ্ব ভাৰতীয় সংবাদ মাধ্যমক নিজৰ লগত ৰখা। এইকেইটাৰ বাবেই বিজেপিয়ে ভোট লাভ কৰিলে।”

সংবাদমেলত গগৈয়ে আৰু কয় “এই নিৰ্বাচন গোটেই ভাৰতবৰ্ষক বদলি কৰি দিব পৰা নিৰ্বাচন। এই নিৰ্বাচনে মোদীক অধিক ক্ষমতা শালী, দৃঢ়মনা আৰু ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ গাঁথনি বদলাই দিব পৰাকৈ এটা শক্তি দিয়া নিৰ্বাচনত পৰিণত হল। এই নিৰ্বাচনে ভাৰতবৰ্ষৰ গণতন্ত্ৰ নাইকিয়া কৰি এক স্বৈৰাচাৰী , অগণতান্ত্ৰিক ভাৰতবৰ্ষলৈ পৰিণত কৰিব। বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল কেৱ গৃহীত কৰা। এতিয়া হিন্দুত্বৰ দিশত জাপ দিবৰ বাবে চেষ্টা কৰিব বিজেপিয়ে। সংবিধানৰ গাথঁনী ভাঙি দিবলৈ চাব পাৰে, ফেচিবাদী দেশ গঢ়াৰ বাবে অহোপুৰুষাৰ্থ কৰিব পাৰে।”

এই নিৰ্বাচনে কংগ্ৰেছক পৰাভূত কৰিলে, বাওঁপন্থীক, আম আদমীক নস্যাৎ কৰিলে, আঞ্চলিকতাক, বিজেপিৰ সহযোগী দলক পোহৰহীন কৰিলে। এতিয়া তেওঁলোকে নিজক ৰক্ষা কৰাৰ বাবে চেষ্টা কৰিব লাগে। এই জয়ৰ পাছত কংগ্ৰেছ ভৱিষ্যতহীন হৈ যাব। সংঘাতৰ সৃষ্টি হব দলত আৰু তাৰপাছত সংখ্যা লঘুৰ দলত পৰিণত হব আৰু সেইয়া হলে সংখ্যা লঘুক নিৰাপত্তা দিব নোৱাৰিব কংগ্ৰেছে ।

এই নিৰ্বাচনে প্ৰত্যাহ্বান কঢ়িয়াই আনিছে গণতন্ত্ৰৰ প্ৰতি। সেইবাবে কতো বিজয় আহ্লাদিত হোৱা নাই। দলৰ কর্ম কৰ্তা,কেডাৰ বিলাকৰ বাহিৰে জনগণে এই বিজয়ক লৈ আনন্দ কৰা নাই।

এই বিজয়ৰ পাছত বিৰোধী পক্ষৰ মাজত কোনো ভৱিষ্যত দেখা নাপায়। এইয়াই অসমৰ গণতন্ত্ৰৰ বাবে বিকল্প ৰাজনীতিৰ বাবে চিন্তা কৰিবৰ বাবে উপযুক্ত সময় । আমিও সেই বিকল্পৰ বাবে নিশ্চিত ৰূপে কাম কৰিম। প্ৰকৃত নতুন বিকল্পৰ কাৰণে ওলাই আহক। আমিও প্ৰস্তুত। সংবাদ মাধ্যমৰ আগত এনেদৰেও মন্তব্য উপদেষ্টাগৰাকীৰ।

কেৱল কেৱৰ ইচ্ছুৰ বাবেই সন্মান জনক বাবে বিৰোধী পক্ষ হাৰিলে। কেৱৰ বাবেই সন্মানীয়ভাৱে হাৰিবলৈ সুবিধা দিলে বিৰোধী পক্ষক- সংবাদমেলত মন্তব্য অখিল গগৈৰ।

অগপ দলৰ সন্দৰ্ভত গগৈয়ে কয় “স্বাভাৱিকভাৱেই অগপৰ মৃত্যু ঘটিব। লিডাৰ থাকিব কিন্তু দল নাথাকে। অগপৰ কংকালতো জীয়াই থাকিব কাৰণ তাৰ বাবে কেইজনমান নেতাই যুঁজি থাকিব” অসম গণ পৰিষদক বিজেপিয়ে ৰাম ঠগন দিলে । এনেকুৱা কেইটামান ছিট দিলে যিকেইটাত জিকিবই নোৱাৰে। ৰাম ঠগন দিয়াৰ পাছতো অসম গণ পৰিষদ দলৰ মাত মাতিবৰ ক্ষমতা নাই।”

ইফালে বিভিন্ন সমষ্টিত নটাৰ স্থান পোৱাকলৈ গগৈৰ মন্তব্য দলীয় ৰাজনীতিৰ প্ৰতি অনিচ্ছা, ক্ষুভ আৰু আস্থাহীনতাৰ প্ৰতিফলন ঘটিছে নটাত।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভতো মন্তব্য অখিল গগৈৰ । কৃষক মুক্তি সংগ্ৰাম সমিতি নাগৰিকত্ব সংশোধনী বিধেয়ক ননাৰ ক্ষেত্ৰত দায়বদ্ধ। সমিতিৰ শেষৰজন সদস্যও যদি জীয়াই থাকে তথাপিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজ কৰি যাব।