গুৱাহাটী, সংবাদ ৩৬৫, ১৭ মে’: শতকৰ ঘৰ স্পৰ্শ কৰিলে ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্তৰ সংখ্যা। দেওবাৰে নিশাৰ ভাগত মহানগৰী গুৱাহাটীত নতুনকৈ আক্রান্ত হ’ল ৩ জন লোক। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰিলে গুৱাহাটীত পুনৰ ৩ জন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি।

ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছে। প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। দেওবাৰৰ দিনটোতে ৰাজ্যত ৭ জনকৈ লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাত আক্রান্তৰ সংখ্যা শতকৰা ঘৰ স্পৰ্শ কৰিছে। দেওবাৰে পুৱতি নিশা ১২.৪০ মিনিটত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি দেওবাৰৰ প্ৰথম জন আক্রান্ত খবৰ সদৰি কৰাৰ পিছত মন্ত্ৰীগৰাকীয়ে পুনৰ ২.৩৩ মিনিটত টুইট যোগে দেওবাৰৰ দ্বিতীয় জন কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্তৰ কথা সদৰি কৰে। ইয়াৰ পিছত যোৰহাট জিলাৰ ৯ বছৰীয়া শিশু আৰু কাছাৰ জিলাত আক্রান্ত জনৰ খবৰ টুইট যোগে প্ৰকাশ কৰি দেওবাৰৰ দিনটোৰ তৃতীয় আৰু চতুৰ্থ গৰাকী আক্ৰান্তৰ কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ নিশা ৯.৪৫ মিনিটত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে টুইট কৰি আৰু তিনি জন লোক নতুনকৈ আক্রান্ত হোৱা বুলি সদৰি কৰে। আক্রান্ত তিনি জন লোক গুৱাহাটী মহানগৰীৰ আৰু আক্রান্ত সকলকৰ ভিতৰত ২ জন মুম্বাইৰ পৰা আৰু ১ জন বিহাৰৰ পৰা আহিছিল বুলি টুইট যোগে জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।

দেউবাৰে নিশাৰ ভাগত মহানগৰী গুৱাহাটীত নতুনকৈ ৩ জন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিচত অসমত আক্ৰান্তৰ সংখ্যা ১০০ লৈ বৃদ্ধি পাইছে। আক্রান্ত লোক সকলৰ ভিতৰত ৪১ জন লোক সুস্থ হৈ উঠাৰ পৰিৱৰ্তে ৫৫ জন লোক চিকিৎসাধীন হৈ আছে। আনহাতে ২ জন কভিড-১৯ কৰ’ণা ভাইৰাছ আক্রান্ত লোকৰ মৃত্যু হোৱাৰ লগতে ২ জন লোক বহিঃৰাজ্যলৈ ওলাই গৈছে।