জোনমণি বেগম

বিশ্বনাথ

১৯ মার্চ

বিশ্বনাথত শতাধিক লোকৰ কংগ্ৰেছ দলত যোগদান। কংগ্ৰেছ দলৰ এক নিৰ্বাচনী সভাত আনুষ্ঠানিকভাৱে শতাধিক লোকে যোগদান কৰিলে কংগ্ৰেছ দলত। অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিশ্বনাথত কংগ্ৰেছ দলৰ ব্যাপক প্ৰচাৰ অভিযান।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনকলৈ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। ইতিমধ্যে ৰাজনৈতিক দল সমূহে সমষ্টিয়ে সমষ্টিয়ে ব্যাপক প্ৰচাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে। বিশ্বনাথ বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী অঞ্জন বৰাই বিশ্বনাথ পুলিচ পইন্টত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে। বিশ্বনাথ নগৰ মণ্ডলৰ কংগ্ৰেছৰ সভাপতি অচ্যুত চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশ্বনাথ সমষ্টিৰ পৰা মিত্ৰজোঁটে প্ৰক্ষেপ কৰা কংগ্ৰেছৰ প্ৰাৰ্থী অঞ্জন বৰাৰ লগতে বিশ্বনাথৰ কেইবাজনো জ্যেষ্ঠলোক উপস্থিত থাকে। কংগ্ৰেছ দলৰ দলীয় কৰ্মী, চি পি আই – এম এলৰ গংগা পৰাজুলী, কংগ্ৰেছ যুৱ মৰ্চাৰ মনোজ গৌতম আদি নিজৰ ভাষণ প্ৰসংগত বিজেপি দলক উৎসাত কৰি কংগ্ৰেছৰ নেতৃত্বৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অঞ্জন বৰাক বিপুল ভোটত জয়ী কৰিবলৈ সমষ্টিবাসী ৰাইজক আহ্বান জনায়।

কংগ্ৰেছ দলৰ প্ৰচাৰ অভিযানৰ অনুষ্ঠানত বিশ্বনাথৰ বিভিন্ন অঞ্চলৰ শতাধিক লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। প্ৰচাৰ অভিযানৰ লগতে বিশ্বনাথৰ মুখৰগৰ, বামুনিপথাৰকে আদি কৰি কেইবাটাও অঞ্চলত দলটোৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়।