নিউজ ডেস্ক, সংবাদ ৩৬৫, ২২ মে’ : শত্ৰুৰ ওপৰত নজৰ ৰখাৰ উপৰিও দুৰ্যোগৰ সময়ত সঠিক তথ্য সংগ্ৰহ কৰিবলৈ আই এছ আৰ অ (ISRO)ই সফলতাৰে উত্‍‍ক্ষেপণ কৰিলে RISAT-2B উপগ্ৰহ।

অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উত্‍‍ক্ষেপণ কৰে উপগ্ৰহটো। উল্লেখযোগ্য যে ঘন ডাৱৰ আৰু মূষলধাৰ বৰষুণতো শত্ৰুপক্ষৰ ওপৰত এই উপগ্ৰহে ৰাখিব চোকা দৃষ্টি।

আই আৰ এছ অৰ (ISRO)ৰ মতে, ডাৱৰ থকাৰ সময়ত ৰেগুলাৰ ৰিম’ট চেঞ্জিং বা অপ্টিকেল ইমেজিং উপগ্ৰহই পৃথিৱীৰ ক্ষুদ্ৰ গতিবিধিসমূহ সঠিকভাৱে দেখুৱাব নোৱাৰে। কিন্তু RISAT-2Bত থকা চিন্থেটিক আপাৰ্চাৰ ৰাডাৰে এই অভাৱ দূৰ কৰিব। যিকোনো বতৰত অৰ্থাৎ মূষলধাৰ বৰষুণ, ঘন ডাৱৰ তথা নিশাৰ আন্ধাৰতো সঠিক ছবি প্ৰেৰণ কৰিব।