কলগাছিয়া, সংবাদ ৩৬৫, ৬ নৱেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াৰ শাওৰাচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নাম সলনি কৰাত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে আবেদনপত্ৰ দাখিল কৰিব নোৱাৰাত ছাত্র-ছাত্ৰী, অভিভাৱক আৰু ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতৰ সৃষ্টি হৈছে। উল্লেখ্য যে, জন্মলগ্নৰে পৰা বিদ্যালয়খনৰ নাম আছিল শাওৰাচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। কিন্তু ভাৰপ্ৰাপ্ত অধ্যক্ষ মুক্তাৰ আলী আৰু বঙাইগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকে বিদ্যালয়খনৰ নাম শাওৰাচৰা এম কে উচ্চতৰ মাধ্যমিক বিদ্যালয় দি কাম চলাই আছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে। সম্প্ৰতি ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে আবেদন কৰিব বিচৰাত অধ্যক্ষ মুক্তাৰ আলীয়ে নতুন নামেৰে আবেদন কৰিব কয় যদিও অনলাইন ফৰ্মত পূৰ্বৰ নাম থকাত ছাত্র-ছাত্ৰীয়ে শংকাত ভুগিব লগা হৈছে। ইফালে অধ্যক্ষ মুক্তাৰ আলীয়ে ছাত্র-ছাত্ৰীক প্ৰদান কৰা লেটাৰ হেডত নতুন নাম থকাৰ লগতে এই বছৰ মেট্ৰিকত উত্তীৰ্ণ হোৱা টেষ্টিমেনিল চাৰ্টিফিকেটত জন্মৰ তাৰিখ লিখিছে ২২/১১/২০১৮। এই ঘটনাক লৈ বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে অধ্যক্ষ মুক্তাৰ আলী আৰু বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দিয়ে। বিদ্যালয় খনৰ পূৰ্বৰ নাম বাহাল নেৰাখিলে ছাত্র-ছাত্ৰীয়ে পৰীক্ষা বৰ্জন কৰিব বুলিও ভাবুকি দিয়ে।