হাটশিঙিমাৰী, সংবাদ ৩৬৫, ৩০ জুলাই: অৱশেষত বহু প্ৰত্যাশিত এন আৰ চিৰ সম্পূৰ্ণ খচৰা সোমবাৰে পুৱা দহ বজাৰ পৰাই অসমবাসীৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসীয়ে লাভ কৰাৰ পিছত জিলাবাসী ৰাইজে সন্তষ্টি লাভ কৰাৰ লগতে ইণ্টাৰনেট, মোবাইল নথকা লোক সকলে জিলাখনৰ ৩১ খন এন আৰ চি কেন্দ্ৰত শান্তিপূৰ্ণ ভাবে যথেষ্ট পৰিমানে ভীৰ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে, জিলাখনত এন আৰ চিৰ বাবে ২১ নং মানকাচৰ আৰু দক্ষিণ ২২ নং শালমাৰা সমষ্টিৰ দক্ষিণ শালমাৰা জিলা পৰিষদ এলেকাৰ পৰা মুঠ ৪৩৪৭০৪ গৰাকী লোকে আবেদন কৰিছিল। ইয়াৰ দক্ষিণ শালমাৰা সমষ্টিৰ ১০০৮৪৯ গৰাকী লোকৰ বিপৰীতে মানকাচৰ সমষ্টিৰ ৩৩৩৮৫৫ গৰাকী। দুয়োটা সমষ্টিৰ মুঠ ৪৩৪৭০৪ গৰাকী নাগৰিকে ৭৯৪১৭ টা এ আৰ এন নম্বৰৰ যোগেদি আবেদন কৰে। ইয়াৰে দক্ষিণ শালমাৰা সমষ্টিৰ ১৬৯৯৩ টা এ আৰ এন নম্বৰৰ ভিতৰত মানকাচৰ সমষ্টিত ৬২৪২৪ টা এ আৰ এন নম্বৰ।জিলাখনত থকা মুঠ ৭৯৪১৭ টা এ আৰ এনৰ অধীনত থকা ৪৩৪৭০৪ গৰাকী নাগৰিকৰ ভিতৰত ৯৩ শতাংশ নাগৰিকৰ নাম আজি প্ৰকাশিত এন আৰ চিৰ সম্পূৰ্ণ খচৰাত অন্তৰ্ভূক্ত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্য সঠিক তথ্য দিয়াৰ পৰা জিলা প্ৰশাসন বিৰত থকাৰ বাবে জিলাবাসীয়ে এন আৰ চিৰ সঠিক তথ্য লাভ কৰিব পৰা নাই। অৱশ্য অধিকাংশ লোকৰে নাম এন আৰ চিত প্ৰকাশ পোৱাৰ লগতে জিলাখনৰ কোনা অঞ্চলত কোনো বিক্ষিপ্ত ঘটনা সংঘিটত হোৱাৰ খবৰ অহা নাই।মন কৰিবলগীয়া যে অসম চৰকাৰে ২০১৫ চনত অবিভাক্ত ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা-মানকাচৰ মহকুমাখনক জিলা হিচাপে স্বীকৃতি দিয়াৰ পাছত মহকুমাৰ অধীনত থকা দক্ষিণ শালমাৰা সমষ্টিৰ কেবল দক্ষিণ শালমাৰা জিলা পৰিষদ এলেকাটো নতুন জিলা দক্ষিণ শালমাৰাৰ অন্তৰ্ভূক্ত হোৱাৰ লগেত সমষ্টিটোৰ অধিকাংশ এলেকা এতিয়াও ধুবুৰী জিলাৰ অন্তৰ্ভূক্ত হৈ আছে। সেয়ে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সমষ্টিটোৰ প্ৰায় চাৰি লাখ নাগৰিকৰ ভিতৰত মাত্ৰ এক লক্ষাধিক লোক এইখন জিলাত এন আৰ চিৰ বাবে আবেদন কৰাৰ লগতে বাকী তিনি লক্ষাধিক লোক ধুবুৰী জিলাত আবেদন কৰিছে।