আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৮ অক্টোবৰ

শাৰিৰীক, মানসিক উৎকৰ্ষ বিকাশৰ বাবে শিৱসাগৰৰ নিউ কুংফ এণ্ড কিক বস্কিং একাডেমীৰ ব্যতিক্ৰমী প্ৰয়াস। মহিলা, যুৱতীকো দিছে মাৰ্চিয়েল আৰ্টৰ যো গেদি নিজকে সুৰক্ষিত ৰখাৰ কিটিপ।

মহামাৰী কৰ’ণাৰ বাবেই সুদীৰ্ঘ সাত মাহ ধৰি নিস্তব্দ হৈ থকা ঐতিহাসিক বৰ্ডিং খেল পথাৰ আকৌ প্ৰাণচঞ্চল হৈ উঠিছে৷
বৰ্ডিং খেল পথাৰৰ সেউজীয়া ঘাহনিত আৰম্ভ হৈছে শিশু, যুৱক, ছাত্ৰী, মহিলাৰ শাৰিৰীক কচৰৎ৷ শিৱসাগৰৰ ইন্টাৰনেচনেল নিউ কুংফু, এণ্ড কিক বস্কিং একাডেমীৰ সৌজন্যত তিনিটা ভাগত শিক্ষাৰ্থী সকলে আৰম্ভ কৰিছে মাৰ্চিয়েল আৰ্টৰ প্ৰশিক্ষণ৷ শাৰিৰীক মানসিক উৎকৰ্ষ বিকাশৰ বাবে প্ৰশিক্ষণত অংশ গ্ৰহণ কৰিছে বহু ছাত্ৰীও৷ বৰ্তমানৰ নিৰাপত্তাহীন পৰিৱেশত যুৱতী-মহিলা সকলক নিজকে শাৰিৰীকভাৱে সুৰক্ষিত কৰি ৰাখিব পৰাকৈ প্ৰদাণ কৰা হৈছে ন ন কিটিপ৷

প্ৰতিযোগিতামূলক মনোভাৱেৰে বহু বছৰৰ পুৰ্বেই আৰম্ভ হোৱা ইন্টাৰনেচনেল নিউ কুংফু এণ্ড কিক বস্কিং একাডেমীয়ে বিগত বৰ্ষৰ পৰা নতুন উদ্যমেৰে বৰ্ডিং খেল পথাৰত আৰম্ভ কৰিছিল এই প্ৰশিক্ষণ৷ উল্লেখ্য যে এই কিক বস্কিং ক্লাবৰ বহু কেইগৰাকী প্ৰশিক্ষাৰ্থীয়ে ৰাজ্যিক, আন্ত ৰাজ্যিক পৰ্য্যায়ত পদক বুটলিবলৈ সক্ষম হৈছে৷