হাটশিঙিমাৰী, সংবাদ ৩৬৫, ২৭ ফেব্ৰুৱাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ চাৰবাৰিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ। চৰকাৰী বিদ্যালয়ৰ শিক্ষক এজনে নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ ৰাইজৰ।

গড়কাপ্তানী বিভাগ ধুবুৰী গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত ২০১৯-২০ বিত্তীয় বৰ্ষৰ চাৰবাৰি এইচ এম ৰোডৰ পৰা উৰামাৰীলৈ প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন পকী পথ নিৰ্মাণৰ বাবদ চৰকাৰে আবন্টন কৰে ৩ কোটি ৬৬ লাখ টকা। গুৱাহাটীস্থিত আমিনুৰ ৰহমান নামৰ এজন ঠিকাদাৰে উক্ত কামৰ ঠিকা লাভ কৰিছে যদিও অঞ্চলটোৰ আখতাৰ হুছেইন নামৰ এজন চৰকাৰী বিদ্যালয়ৰ শিক্ষকে আমিনুৰ ৰহমানৰ পৰা ঠিকাটো ছাব-ঠিকা হিচাপে লৈ অতি নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন কৰি অঞ্চলটোৰ গঞা ৰাইজে ক্ষোভিত হৈ পৰে। ৰাইজে সমগ্ৰ পথ নিৰ্মাণৰ কামটো তদন্ত বাবে প্ৰশাসন তথা চৰকাৰক দাবী জনাইছে।

ৰাইজে লগতে চৰকাৰী শিক্ষক আখতাৰ হুছেইন শিক্ষকতা এৰি ঠিকা কামত ব্যস্ত থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি শিক্ষকজনৰ বিৰুদ্ধে আইনগত বিহিত ব্যৱস্থা ল’বলৈ প্ৰশাসন তথা চৰকাৰক দাবী জনায়।