বৰপেটা, সংবাদ ৩৬৫, ৪ জানুৱাৰী: নিৰ্বাচনৰ পূৰ্বে পৰিৱৰ্তনকামী চৰকাৰখনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব কিন্তু চৰকাৰ গঠনৰ পিছত বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰতিশ্ৰুতি পালন নকৰিলে। তাৰ প্ৰতিবাদতে আক্ৰাছুৱে কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷ শুকুৰবাৰে সংগঠনটোৱে বৰপেটাৰোডৰ শিমলাগুৰীৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰি আক্ৰাছুৰ কৰ্মী সকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰমোডী মিছলীয়া আখ্যা দি কেন্দ্ৰীয় চৰকাৰ হায় দায় অসম চৰকাৰ হায় হায় কমতাপুৰ লাগিবই আদি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ। কোচ ৰাজবংশী সকলকলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বহুত খেল খেলিছে বহুত প্ৰতাৰণা কৰিছে অনাগত দিনত আক্ৰাছুক প্ৰতাৰণা কৰা মানি লোৱা নহব ৷ সংগঠনটোৱে অহা ৮ জানুৱাৰীত অসম বন্ধৰ আহ্বান কৰাৰ কথাও জানিবলৈ দিয়ে৷