বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ২৭জানুৱাৰী: নগাওঁ জিলাৰ জামুগুৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগিতাৰ দেওবাৰে ফাইনেল খেলত শিমলু আটি এলেভেন ষ্টাৰ ক্ৰিকেট ক্লাৱে জামুগুৰি বুল বুল ইলেভেন ষ্টাৰ ক্লাৱক ১৭ ৰাণত হৰুৱায়। জামুগুৰি আঞ্চলিক ক্রিয়া সংস্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ক্ৰিকেট খেলখনত প্ৰথমে শিমলু আটি ইলেভেন ষ্টাৰ ক্ৰিকেট ক্লাৱে বেট কৰি ৫ অভাৰত ৬০/৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে জামুগুৰি বুল বুল ক্ৰিকেট ক্লাৱে ৫ অভাৰত ৪৩/৪ সংগ্ৰহ কৰে। বিজয়ী দলক নগদ ৪০০০ টকা আৰু ট্ৰফী,বিজীত দলক নগদ ২০০০টকা আৰু ট্ৰফী প্ৰদান কৰা হয়। উক্ত খেল খনৰ আলিটাঙুনিৰ বিশিষ্ট সমাজ সেৱক জিয়াউল ইছলামে পুৰস্কাৰসমুহ বিতৰণ কৰে।