গোসাইগাঁও, সংবাদ ৩৬৫, ১১ অক্টোবৰ: অসম-বংগ সীমান্তৱৰ্তী কোকৰাঝাৰ জিলাৰ শিমূলটাপু আৰক্ষী চকীত শ্যামাগুৰী, শ্ৰীৰামপুৰ, ভাইৰীগুড়ী, শিমূলটাপু,গকুলকাটা, জাৰাগুৰী আদি বিভিন্ন গাওঁৰ গাঁওবুঢ়া,দূৰ্গাপূজা আয়োজক সমিতি, গাঁওৰক্ষী বাহিনী তথা সচেতন ৰাইজৰ মাজত বৃহস্পতিবাৰে অন্ধবিশ্বাস, কুসংস্কাৰ, ডাইনী হত্যা, নাৰীৰ অধিকাৰৰ ওপৰত যুক্তিনিষ্ঠ বক্তব্য ৰাখি এখনি সজাগতা সভা অনুষ্ঠিত হয়। শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ তেৰাংৰ আহ্বানত অনুষ্ঠিত সভাত মূখ্য বক্তা হিচাপে উপস্হিত থাকি কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুই সমাজত চলি থকা অন্ধবিশ্বাস, কুসংস্কাৰ, ডাইনী হত্যা, নাৰীৰ অধিকাৰৰ ওপৰত যুক্তিনিষ্ঠ বক্তব্য আগবঢ়ায়। তেওঁ ৰাইজক এই ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনোৱাৰ লগতে আগন্তক দূৰ্গাপূজাৰ বাবে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ ৰাইজক আহ্বান জনায়। গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া মুনীন্দ্ৰ নাথ দেউৰীয়ে তেওঁৰ বক্তব্যত দূৰ্গাপুজাত পূজা কমিটি সমূহে যাতে চিচিটিভি ব্যৱহাৰ কৰে। গাঁওৰক্ষী বাহিনী পূজা কমিটি যৌথভাৱে যাতে শান্তি শৃংখলা ৰক্ষাৰ স্বাৰ্থত স্বেচ্ছাসেৱক নিয়োগ কৰে সেই সম্পৰ্কে বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়ে। তদুপৰি স্হানীয় এম চি এল এ আব্দুল খালেক মণ্ডল তেওঁৰ বক্তব্যত ৰাইজক পূজাত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বজায় ৰাখিবলৈ আহ্বান জনায়।