গুৱাহাটী, ১২ অক্টোবৰঃ গুণোৎসৱে শৈক্ষিক দিশলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে আৰু শৈক্ষিক ব্যৱস্থাটােত উদ্ভাৱনী আৰু সৃজনীশীল চিন্তাভাৱনাৰ উন্মেষ ঘটাইছে। গুণোৎসৱৰ মূল্যায়ণ ব্যৱস্থাই গুণগত শিক্ষাৰ উন্নীতকৰণ কৰিব আৰু ছাত্র-ছাত্ৰীসকলে গুণগত শিক্ষা লাভৰ জৰিয়তে ৰাজ্য আৰু ৰাষ্ট্ৰৰ বিকাশত অর্থবহ অৰিহণা যোগাব। এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ। শিলচৰস্থিত দীননাথ নৱ কিশোৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱ অনুষ্ঠানত অংশগ্রহণ কৰি ছাত্ৰীসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই মন্তব্য কৰে। সোনোৱালে জাতিৰ পিতা মহাত্মা গান্ধী আৰু নেতাজী সুভাষ চন্দ্র বসুৰ দৰে বৰেণ্য ব্যক্তিসকলৰ পদধূলিৰে সংপৃক্ত বিদ্যালয়খনলৈ আহি আনন্দিত হোৱাৰ কথা ব্যক্ত কৰি বিদ্যালয়খনৰ ছাত্রী আৰু শিক্ষক শিক্ষয়ত্ৰীসকলক বিদ্যালয়খনৰ ঐতিহ্য বাহাল ৰখাৰ বাবে অহােপুৰুষাৰ্থ কৰাৰ আহ্বান জনায়। লগতে ৰাজ্যখনৰ গুণগত শৈক্ষিক উত্তৰণৰ দিশত আত্ম নিয়োগ কৰাৰ বাবেও বিদ্যালয়ৰ কৰ্তৃপক্ষক আহ্বান জনায়। মুখ্যমন্ত্রী সোণোৱালে বিদ্যালয়খন পৰিদৰ্শন কৰি  ছাত্ৰীসকলৰ সৈতে প্রত্যক্ষভাৱে মত বিনিময়ো কৰে। ১৯২১ চনৰ ১ আগষ্টত স্থাপন কৰা এই বিদ্যালয়খনে যুৱ সমাজৰ মনত দেশাত্মবোধৰ ভাৱধাৰা সৃষ্টি কৰাৰ ক্ষেত্ৰতো মহত্তম অৰিহণা আগবঢ়াইছিল বুলি মুখ্যমন্ত্রীয়ে ছাত্ৰীসকলক সদৰি কৰি বিদ্যালয়খনে বর্তমানেও ৰাষ্ট্ৰ আৰু ৰাজ্য নির্মাণত এক গুৰুত্বপূর্ণ ভূমিকা ল’ব পৰা সক্ষমতা আছে বুলি কয়। ইয়াৰ উপৰি জ্ঞানেই শক্তি বুলি দােহাৰি শিক্ষা অবিহনে জ্ঞানে পূর্ণতা নাপায় বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰীসকলকো জ্ঞানৰ পোহৰেৰে আলোকিত এখন সমাজ নির্মাণৰ কামত ব্ৰতী হােৱাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্রীয়ে শিক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈ ছাত্ৰীসকলৰ দক্ষতাৰ বিষয়সমূহাে মূল্যায়ণ কৰে। তেওঁ ছাত্ৰীসকলক শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা আৰু সৱল নৈতিক চৰিত্ৰ আহৰণৰ দিশত আত্ম নিয়ােগ কৰাৰ বাবেও উপদেশ দিয়ে। “পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা বুলি দোহাৰি মুখ্যমন্ত্রীয়ে বিদ্যালয়খনৰ ছাত্রী তথা শিক্ষক শিক্ষয়ত্ৰীসকলক বিদ্যালয়খনৰ চৌহদ সদায়ে নিকা কৰি ৰখাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্রীয়ে বিদ্যালয়খনলৈ এটা ৱাটাৰ পিউৰিফায়াৰ, এটা কুলাৰ আৰু এটা আৱৰ্জনা ৰখা পাত্র প্রদান কৰে। বিদ্যালয়খনৰ গুণোৎসৱ কাৰ্যসূচীত অসম বিধান সভাৰ উপাধ্যক্ষ দিলীপ কুমাৰ পাল, গড়কাপ্টানি মন্ত্রী পৰিমল শুক্লবৈদ্যৰ উপৰি কেইবাগৰাকী বিধায়কৰ লগতে জ্যেষ্ঠ বিষয়া উপস্থিত আছিল।