আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৬ ছেপ্টেম্বৰ

কৃষক বিৰোধী আইন বাতিলৰ দাবীত আৰু আৰক্ষী নিয়োগ পৰীক্ষাত হোৱা কেলেংকাৰী উচিত তদন্তৰ দাবীত শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী। শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত বীৰ লাচিত সেনাই কেন্দ্ৰীয় চৰকাৰে যি কেতবোৰ আইন সংশোধন কৰি কৃষক বিৰোধী স্থিতি গ্ৰহণ কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰিছে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা চাউল, দাইল, আলু, পিঁয়াজ, তেল আদি সামগ্ৰীৰ কৰ্তনৰ তীব্ৰ বিৰোধিতা কৰি অতি শীঘ্ৰে এই সংশোধীত আইন বাতিলৰ দাবী উত্থাপন কৰে বীৰ লাচিত সেনাই। এই আইন চৰকাৰৰ ঘৰত গৃহীত হ’ল যদিও কৃষকৰ ঘৰত প্ৰযোজ্য হ’বলৈ নিদিব বুলি হুংকাৰ দি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদকাৰী বীৰ লাচিত সেনাৰ সদস্য সকলে। একেদৰে যোৱা দেওবাৰে সম্পন্ন হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিয়োগ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো প্ৰতিমূৰ্তি দাহ কৰি এই কেলেংকাৰীৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ গ্ৰেপ্তাৰ আৰু শাস্তি দাবী জনাই বীৰ লাচিত সেনাই।

ইফালে ভাৰত চৰকাৰৰ কৃষি বিধেয়কৰ বিৰুদ্ধে ছাত্ৰমুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দলমুখ চাৰিআলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰে। বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰে বিগত কিছু দিনত এখনৰ পাছত আনখনকৈ তিনিখন কৃষক বিৰোধী আইন সংশোধন কৰা বুলি অভিযোগ কৰি এই আইনৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা দেখা গৈছে কৃষক আৰু সৰ্বসাধাৰণ ৰাইজ বুলি প্ৰতিবাদকাৰী সকলে মন্তব্য প্ৰকাশ কৰে। নূন্যতম বজাৰ মূল্য পুঁজিবাদীৰ হাতত গতাই দিব বিচৰা বিজেপি চৰকাৰে সমগ্ৰ কৃষি খণ্ডটো এতিয়া কৰ্পৰেট কোম্পানীৰ হাতত গতাই দিয়াৰ ব্যৱস্থা কৰিছে বুলিও ক্ষোভ উজাৰি কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰী সকলে।

বীৰ লাচিত সেনা, ছাত্ৰ মুক্তি সমগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ লগতে ঐক সেনা অসম শিৱসাগৰ জিলা সমিতিয়েও কেন্দ্ৰ চৰকাৰৰ কৃষি বিধেয়কৰ বিৰোধিতা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ঐক সেনা অসম শিৱসাগৰ জিলা সমিতিৰ কর্মী সকলে অতি শীঘ্ৰে চৰকাৰক কৃষি বিধেয়ক বাতিল কৰাৰ দাবী জনায়।