আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৪ ফেব্ৰুৱাৰী

শিৱসাগৰত হাৰিপৰা-দিচাংমুখ পথৰ উন্নয়নৰ শুভৰাম্ভণি কৰিলে সাংসদ তপন গগৈয়ে। অসমৰ ১২৬ টা সমষ্টিৰ প্ৰথম ৫ টা স্থানত শিৱসাগৰক জিলিকাই তোলা হব বুলি মন্তব্য সাংসদ তপন গগৈৰ। যোৱা বিশটা বছৰ কংগ্ৰেছ দলৰ দখলত থকা শিৱসাগৰ বিধানসভা সমষ্টিটোৰ বাট-পথৰ কোনো উন্নয়ন নহ’ল বুলি উল্লেখ কৰি সাংসদ তপন গগৈয়ে কংগ্ৰেছৰ দলক তীব্ৰ সমালোচনা কৰে।

শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জনসাধাৰণৰ যাতায়তৰ অন্যতম গুৰুত্বপূৰ্ণ পথ হাৰিপৰা আলিৰ উন্নতিকাৰণৰ কামৰ শুভৰাম্ভণি কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। ১০ কোটি টকাৰ পুঁজিৰে অসম চৰকাৰৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ আঁচনি ২০২০-২১ বৰ্ষৰ অধীনত নিৰ্মাণ হ’ব লগা ৮.২০ কিলোমিটাৰ দৈঘ্যৰ পথটো শুভৰাম্ভণি কৰি সাংসদ তপন গগৈয়ে পথটোৰ উন্নয়ন আৰু বহলকৰণ কাৰ্যই শিৱসাগৰবাসী ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়তৰ সমস্যাৰ সমাধান কৰিব বুলি মন্তব্য কৰে। যোৱা বিশটা বছৰ কংগ্ৰেছ দলৰ দখলত থকা শিৱসাগৰ বিধানসভা সমষ্টিটোৰ বাট-পথৰ কোনো উন্নয়ন নহ’ল বুলি উল্লেখ কৰি সাংসদ তপন গগৈয়ে শিৱসাগৰ বিধানসভা সমষ্টিটোক আগন্তুক পাঁচ বছৰত অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত প্ৰথম ৫ টা স্থানত জিলিকাই তুলিবলৈ প্ৰচেষ্টা হাতত লোৱাৰ কথা অৱগত কৰে। স্থানীয় পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত হাৰিপৰা আলিৰ উন্নতিকৰণৰ কামৰ শুভাৰম্ভণি কৰাৰ পিছতে সাংসদ গৰাকীয়ে শিৱসাগৰ সমষ্টিবাসী ৰাইজৰ যাতায়তৰ বাবে আন এটা গুৰুত্বপূৰ্ণ পথ দিচাংমুখ আলিৰ উন্নতিকৰণৰ কামৰ শুভাৰম্ভণি কৰে। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ শিৱসাগৰ আৰু থাওৰা ক্ষেত্ৰীয় সংমণ্ডলৰ অধীনৰ ২০২০-২১ বৰ্ষৰ গ্ৰাম্য আন্ত:গাঁথনি উন্নয়ন পুঁজিৰ অধীনত ৮.৫৭ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ’ব লগা ৭.৫০ কিলোমিটাৰ দৈঘ্যৰ দিচাংমুখ আলিৰ উন্নতিকৰণ আৰু বহলকৰণ কাৰ্যই দিচাংমুখবাসীৰ লগতে শিৱসাগৰ জিলাৰ যাতায়ত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি উল্লেখ কৰে সাংসদ তপন গগৈয়ে। পথটোৰ উন্নয়নৰ কামৰ শুভাৰম্ভণি কৰি সাংসদ গগৈয়ে ৰাজ্যৰ বাট-পথ সমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পথ উন্নয়ন আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰে।

ইয়াৰ পিছত সাংসদ গৰাকীয়ে বানমুখ কাথপাৰত অৱস্থিত শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ থানত উপস্থিত হৈ এগছি বন্তি প্ৰজ্বলনেৰে অসমবাসী জনসাধাৰণৰ মংগলৰ বাবে সেৱা-প্ৰাৰ্থনা জনায়। অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুৱঁৰী, লোক নিৰ্মাণ বিভাগৰ শিৱসাগৰ আৰু থাওৰা ক্ষেত্ৰীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মহেন্দ্ৰ শইকীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।