আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৩ নৱেম্বৰ

শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাবত আনুষ্ঠিত ১৬ সংখ্যক শিৱসাগৰ জিলা ‘উচু’ প্ৰতিযোগিতা। শিৱসাগৰ উচু’ ক্লাবৰ উদ্যোগত অনুস্থিত এই প্ৰতিযোগিতাত শিৱসাগৰৰ ৯ টা উচু ক্লাবৰ প্ৰায় ১৩৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

১৬ সংখ্যক শিৱসাগৰ জিলা ‘উচু’ প্ৰতিযোগিতাখন পুৰুষ আৰু মহিলাৰ চাব জুনিয়ৰ, জুনিয়ৰ আৰু চিনিয়ৰ তিনিটা শাখাত অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখনত শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদিত দাস আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মনজিৰ গগৈ উপস্থিত থাকি নিজৰ বক্তব্য আগবঢ়োৱাৰ লগতে প্ৰতিযোগী সকলক উৎসাহিত কৰে। শিৱসাগৰ উচু সন্থাৰ সাধাৰন সম্পাদক প্লাৱন বৰাই বিগত ১৬ টা বছৰে শিৱসাগৰৰ উচু খেলুৱৈয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বহু পদক বুটলিবলৈ সক্ষম হোৱাৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। শিৱসাগৰৰ উচু খেলুৱৈ সকলৰ উন্নত প্ৰদৰ্শনৰ পিছতো কোনো চৰকাৰী সাহাৰ্য্য বা জিলা ক্ৰিয়া সন্থাৰ ফালৰ পৰা কোনো আৰ্থিক অনুদান নোপোৱাৰ লগতে খেলৱৈ সকলক আগুৱাই নিয়াৰ ক্ষেত্ৰতো চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নাই।

যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনক ক্রীড়া ভূমি হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টাৰে খেলৱৈ সকলক বিভিন্ন প্ৰকাৰে উৎসাহিত কৰি আহিছে সেই সময়ত শিৱসাগৰৰ উচু খেলুৱৈ সকল চৰকাৰৰ সাহাৰ্য্যৰ পৰা বঞ্চিত হৈ থাকত ক্ষোভ প্ৰকাশ কৰে শিৱসাগৰ উচু সন্থাৰ সাধাৰন সম্পাদক প্লাৱন বৰাই। চৰকাৰৰ উপযুক্ত সাহাৰ্য্য লাভ কৰিলে শিৱসাগৰৰ উচু খেলুৱৈ সকলে অধিক উন্নত প্ৰদৰ্শনেৰে ৰাজ্য তথা দেশৰ হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হব বুলিও আশা প্ৰকাশ কৰে প্লাৱন বৰাই।