আমিনুৰ ৰহমানৰ সৈতে আশ্রফৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৩০ আগষ্ট

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত শনিবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সৰ্প দংশনত আক্ৰান্ত এগৰাকী মহিলাৰ চিকিৎসাকৰ হেমাহীৰ বাবে মৃত্যু হোৱাৰ অভিযোগত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল।

শিৱসাগৰ জিলাৰ নাজিৰাৰ আমোলাপট্টিৰ ৭ নং ৱাৰ্ডৰ চন্দিকা হাজৰিকা নামৰ এগৰাকী মহিলাক শনিবাৰে গধূলি নিজা ঘৰত সৰ্প দংশন কৰাত মহিলা গৰাকীক ততাতৈয়াকৈ নাজিৰা লিগিৰী পুখুৰী চিকিৎসালয়লৈ নিয়া হয় যদিও তাত চিকিৎসাৰ সুবিধা নোপোৱাৰ ফলত মহিলা গৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ আন হয়। চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত সম্পূৰ্ণ সুস্থভাৱে কথা-বতৰা পাতি থকা মহিলা গৰাকীক কভিড ৰোগৰ বাবে চিকিৎসা প্ৰদান কৰিব নিবিচৰাৰ লগতে এণ্টিভ’নেম বেজী মজুত নথকাৰ অজুহাতত কোনো ধৰণৰ চিকিৎসা প্ৰদান নকৰি এটা চেলাইন দি পেলাই থয়। সেই সময়ত কৰ্তব্যত থকা চিকিৎসক মন্দাকিনী দত্ত নামৰ এগৰাকী চিকিৎসকৰ ওপৰত চিকিৎসা প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সময়ত চিকিৎসা নোপোৱাৰ বাবে চন্দিকা হাজৰিকা নামৰ ২৬ বছৰীয়া মহিলা গৰাকীৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত মৃত মহিলা গৰাকীৰ স্বামী যতীন হাজৰিকাই জয়সাগৰ আৰক্ষী চকীত চিকিৎসালয় খনৰ লগতে চিকিৎসকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।

আনহাতে অভিযোগ সন্দৰ্ভত শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনা নাকচ কৰি কয় যে সৰ্প দংশনত আক্ৰান্ত মহিলা গৰাকীক তৎকালীন ভাৱে ৱাৰ্ডত ভৰ্তি কৰা হৈছিল। মহিলা গৰাকীৰ বাবে কোনো কভিড ১৯ ৰোগৰ নিয়ম পালন কৰা হোৱা নাছিল বুলি চিকিৎসালয় কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে।