আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৯ ছেপ্টেম্বৰ

শিৱসাগৰৰ একাধিক ধৰ্মীয় অনুস্থানত নিশা তলা ভাঙি দান পাত্ৰৰ ধন লুটপাত চলাই অহা কূখ্যাত চোৰৰ দল অৱশেষত পৰিল শিৱসাগৰ আৰক্ষীৰ জালত। কিছুদিন পূৰ্বে শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা তিনিটাকৈ মজিদৰ তলা ভাঙিছিল চোৰৰ দলটোৱে।

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক বিশ্বজিত সোণোৱালৰ নেতৃত্বত আৰক্ষীৰ এটা অভিযানকাৰী দলে মঙলবাৰে পুৱতি নিশা যোৰহাটৰ পৰা কৰায়ত্ব কৰে ধৰ্মীয় অনুস্থানৰ তলা ভঙা চোৰৰ দলটোক ৷ আৰক্ষীৰ জালত পৰা চোৰৰ দলটোৰ সদস্য ক্ৰমে খাটপথাৰৰ নিৱাসী ৰাজা দুৱাৰা ওৰফে ভলুকা, উদয়নগৰৰ ভোলা দুৱাৰা আৰু এ টি ৰোডৰ ইক্ৰামূল আলী বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে চোৰৰ দলটোৰ জিম্মাৰ পৰা নগদ ১,৬৩৯ টকাৰ লগতে বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। উল্লেখ্য যে যোৱা ২৬ আগষ্টৰ নিশা চোৰৰ দলটোৱে এই শিৱসাগৰ সদৰ থানাৰ সমীপত থকা ন-মছজিদ, বেপাৰীপট্টী মছজিদ আৰু বাবুপট্টী জুম্মা মছজিদৰ তলা ভাঙি দান পাত্ৰৰ ধন লুটি লৈ গৈছিল৷

আৰক্ষীৰ জালত পৰা তিনিওজন গভাই চোৰে লক ডাউনৰ আৰম্ভণিত ঐতিহাসিক শিৱদলত সংঘটিত চুৰিকাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড আছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে৷ আৰক্ষীয়ে তিনিওজন চোৰক সদৰ থানাত ৰুজু হৈ থকা ১১২৬ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ কৰি বিয়লি আদালতত হাজিৰ কৰাায়৷