আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান

শিৱসাগৰ

২ ছেপ্টেম্বৰ

শিৱসাগৰ আৰক্ষীৰ বৃহৎ সাফল্য। শিৱসাগৰ আৰক্ষীৰ জালত পৰিল ভুৱা আলফা। শিৱসাগৰ জিলাৰ বিভিন্ন ব্যৱসায়ীৰ পৰা দীৰ্ঘদিন ধৰি আলফাৰ নামত ধন দাবী কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল দলটোৱে৷

শিৱসাগৰ আৰক্ষীয়ে মঙলবাৰে নিশা এক বিশেষ অভিযান চলাই জিলাখনৰ ভটিয়াপাৰৰ পৰা ভুৱা আলফাৰ দল এটাৰ ৬ জনীয়া সদস্যক আটক কৰে। জানিব পৰা মতে দীর্ঘদিন ধৰি এই দলটোৱে শিৱসাগৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সকলক লক্ষ্য কৰি ধনদাবী কৰি আহিছিল। দলটোৱে ধনদাবীৰ বাবে ব্যৱহাৰ কৰিছিল আলফা (স্বাধীনৰ) ভুৱা পত্র। দলটোৰ কবলৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে ধনদাবীৰ কেইবাখনো পত্ৰৰ লগতে উদ্ধাৰ কৰিছে ধনদাবীৰ বাবে ব্যৱহাৰ কৰা ৭ টা মোবাইল, ১ টা লেপটপ, ১ টা প্ৰিন্টাৰ, ২ টা পেনড্রাইভ আৰু এখন স্কুটি। ভুৱা আলফাৰ দলটোৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা এছ-০৪-ডব্লিউ-১১২৮ নম্বৰৰ স্কুটিখন দলটোৰ সদস্য অর্জুন ভৰালীৰ নামত পঞ্জীয়ন হৈ আছে। আটকাধীন দলটোৰ সদস্য কেইজন হৈছে ক্ৰমে মানৱ জ্যোতি মহন্ত, অমূল্য চাংমাই, মাধূর্য্য চেতিয়া, কৌস্তভ চেতিয়া, অৰ্জুন ভৰালী আৰু দীপাংকৰ দাস। আৰক্ষীৰ এই বিশেষ অভিযানটোৰ নেতৃত্ব দিছিল শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰাই৷

যোৱা ৩০ জুলাইৰ পৰা শিৱসাগৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আৰু চি চি টিভি কেমেৰাৰ সহায় লৈ এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত যুৱক কেইজনক জেৰা চলাই আছে বুলিও জানিব পৰা গৈছে।