আমিনুৰ ৰহমানৰ সৈতে আশ্রফুল ৰহমান

শিৱসাগৰ

২০ আগষ্ট

দৰ্শনাথীৰে লোকে লুকাৰণ্য হৈ থকা শিৱসাগৰ জিলাৰ ঐতিহাসিক ইতিহাস প্ৰসিদ্ধ ৰংঘৰ, তলাতল ঘৰ, শিৱদৌল প্ৰাংগণত নাই দৰ্শনাথীৰ উছাহ৷ কাল কৰ’ণাৰ পৰিপ্ৰেক্ষিত্বত বিগত ২৪ মাৰ্চৰ পৰা আৰম্ভ হোৱা লকডাউনৰ বাবেই যোৱা ৬ জুলাইলৈকে সম্পুৰ্ণৰূপে বন্ধ হৈ আছিল শিৱসাগৰ জিলাৰ এই সমূহ পৰ্য্যটনস্থলী৷ সম্প্ৰতি লকডাউন শিথিল হোৱাৰ লগে লগেই সামাজীক দুৰত্বৰ নীতিৰ ভিত্তিত সাধাৰণ দৰ্শনাথীৰ বাবে যোৱা ৬ জুলাইৰ পৰা পৰ্য্যটনস্থলী সমুহ মুকলি কৰা হৈছিল যদিও ল মহামাৰী কৰ’ণাৰ আতংকৰ বাবে জিলাখনৰ পৰ্য্যটনস্থলী সমুহত নাই দৰ্শনাথী ভিৰ৷

এছিয়াৰ অন্যতম পুৰণি ক্ৰীড়া পেভেলিয়ানখ্যাত ৰংঘৰ পৰিদৰ্শনৰ বাবে যোৱা ৬ জুলাইৰ পৰা বৰ্তমানলৈকে মাত্ৰ ৬৯ গৰাকী দৰ্শনাথী আহিছে৷ ইয়াৰ ভিতৰত বিদেশী পৰ্য্যটকটো বাদেই ৰাজ্যৰ বাহিৰৰ এজনো পৰ্য্যটক নাই৷ ৰংঘৰ পৰিদৰ্শনৰ বাবে ৬৯ গৰাকী পৰ্য্যটকেই হৈছে ৰাজ্যৰ ভিতৰৰ৷ আনহাতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা ৰংপুৰৰ পুৰণি ৰাজধানীখ্যাত তলাতল ঘৰটো একেই পৰিস্থিতি৷ বিগত ৬ জুলাইৰ পৰা মাত্ৰ ১৭০ জন পৰ্য্যটক উপস্থিত হৈছে তলাতল ঘৰত৷ উক্ত পৰ্য্যটক সকলৰ ভিতৰত এজনো নাছিল বিদেশী অথবা ৰাজ্যৰ বাহিৰৰ পৰ্য্যটক৷ লকডাউন আৰু কৰ’ণাৰ আতংকৰ পৰিপ্ৰেক্ষিত্বতেই নিমাওমাও হৈ পৰা তলাতল ঘৰৰ চৌহদত পৰিলক্ষিত হ’ল এক কৰ্দয্যময় পৰিৱেশ৷ অপুৰ্ব ভাস্কৰ্য্যখোদিত তলাতল ঘৰৰ দেৱালত লাগিছে শেলুৱৈৰ চামনি৷ দুৰৈৰ পৰাই জিলিকী থকা তলাতল ঘৰৰ চিনাকী সৌন্দৰ্য্য বহু পৰিমাণে ম্লান পৰিছে৷ সম্পুৰ্ণৰূপে সলনি হৈছে তলাতল ঘৰৰ বৰণ৷ চৌপাশ আৱৰি ধৰিছে ঘাহ, বন-বনৰীয়া অপতৃৰ্ণৰে৷ মুঠৰ ওপৰত তলাতল ঘৰত নাই সেই পুৰণি উজ্বলতা।

ইফালে ৬ জুলাইৰ পুৰ্বেই সামাজীক দুৰত্ব আৰু কৰ’ণা ভাইৰাছৰ চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি পূজা অৰ্চনা আৰম্ভ হোৱা শিৱদলত বাজি উঠিছে মন্ত্ৰশ্লোকৰ বাণী আৰু আৰম্ভ হৈছে পূজা অৰ্চনা। তথাপি শিৱদলত নাই পৰ্য্যটকৰ উছাহ অথবা উপস্থিতি৷ প্ৰায় তিনি শতাধীক পৰ্য্যটকে বৰ্তমানলৈকে শিৱদলৰ অনুপম সৌন্দৰ্য্য উপভোগ কৰিছে যদিও ইয়াৰে ভিতৰত নাই এজনো বিদেশী পৰ্য্যটক।