মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

১৩ জানুৱাৰী

শ্ৰীৰামপুৰত আদিবাসী সকলৰ সৰনা ধৰ্ম কোড আৰু জনজাতিকৰণৰ দাবীত জনসভা।অসমৰ আদিবাসী সকল এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও কংগ্ৰেছ, বিজেপি আৰু অগপ কোনো এটা দলেও গুৰুত্ব সহকাৰে লৈ আদিবাসী সকলৰ সমস্যা সমাধান নকৰাৰ অভিযোগ উত্থাপন জনতা দল ইউনাইটেডৰ ঝাৰখণ্ডৰ ৰাজ্যিক সভাপতি শালখান মুৰ্মূৰ।

অসমৰ আদিবাসী সকল সৰ্ব দিশৰ পৰা পিছ পৰা জাতি হিচাপে পৰিগণিত হৈছে৷ আদিবাসী সকল প্ৰকৃতিৰ পূজা কৰে আৰু আদিবাসী সকল সৰনা ধৰ্ম পালন কৰি অহা সত্বেও এই ধৰ্মক চৰকাৰে স্বীকৃতি প্ৰদান কৰা নাই৷ আনকি অসমৰ আদিবাসী সকলক কোনো এখন চৰকাৰে জনজাতিকৰণৰ মাৰ্যদা প্ৰদান নকৰিলে৷ অসমৰ আদিবাসী সকল এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও কংগ্ৰেছ, বিজেপি আৰু অগপ কোনো এটা দলে গুৰুত্ব সহকাৰে লৈ আদিবাসী সকলৰ সমস্যা সমাধান নকৰিলে বুলি অভিযোগ উত্থাপন কৰে জনতা দল ইউনাইটেডৰ ঝাৰখণ্ডৰ ৰাজ্যিক সভাপতি শালখান মুৰ্মূয়ে৷ জনতা দল ইউনাইটেডৰ কেন্দ্ৰীয় সম্পাদক সঞ্জয় বৰ্মাই কয় দলিত, আদিবাসী আৰু মুছলমান সকলৰ সম্যাৱলীক অতি গুৰুত্ব সহকাৰে লৈছে জনতা দল ইউনাইটেড৷ জনতা দলে অসমৰ বিধানসভা নিৰ্বাচনত সমষ্টি চিনাক্ত কৰি প্ৰাৰ্থী প্ৰদান কৰিব বুলিও সদৰী কৰে সঞ্জয় বৰ্মাই।

সভাত জনতা দল ইউনাইটেডৰ অসমৰ আহ্বায়ক ডেভিড ৰংপী, আদিবাসী ছিংগল অভিযানৰ সভাপতি পান্ডু মুৰ্মুৰ লগতে ভালেসংখ্যক নেতা উপস্থিত থাকি ভাষণ প্ৰদান কৰে। শ্ৰীৰামপুৰ খেল পথাৰত আদিবাসী সৰনা ধৰ্ম কোড আৰু জনজাতিৰ দাবীত অনুষ্ঠিত জনসভাত সহ্ৰাধিক আদিবাসী পুৰুষ মহিলাও উপস্থিত থাকে।