গোসাইগাঁও, সংবাদ ৩৬৫, ২৪ ছেপ্তেম্বৰ: কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত শিমুলটাপু আৰক্ষী চকীৰ পৰা প্ৰায় তিনিশ মিটাৰ মান দূৰৈত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন চাৰিআলিত দেওবাৰে নিশা তিনিখনকৈ দোকানত চুৰি কাণ্ড সংঘটিত হয়। প্ৰাপ্ততথ্য মতে, দেওবাৰে নিশা প্ৰায় দুই বজাত চাৰিআলিখনত থকা সাহা ষ্টোৰ, মা তাৰা মেডিকেল ষ্টোৰ আৰু ৰঞ্জিত দাস ষ্টোৰ নামৰ দোকান তিনিখনৰ পৰা চোৰে প্ৰায় দুই লক্ষাধিক টকাৰ নগদ ধন তথা সামগ্ৰী চুৰি কৰি লৈ যায়। সাহা ষ্টোৰ নামৰ গেলামালৰ দোকানৰ স্বত্বাধিকাৰী শ্ৰীকান্ত সাহাই জানিব দিয়া মতে, সাহা ষ্টোৰৰ পৰা নগদ ধন, চিগাৰেট, বিস্কুট, বিভিন্ন খাদ্য সামগ্ৰী আদিকে প্ৰায় ৭০ হেজাৰ টকা চোৰ কৰি নিয়াৰ বিপৰীতে ৰঞ্জিত দাস ষ্টোৰৰ নগত ধন, খাদ্য সামগ্ৰী আদি কৰি প্ৰায় ২৫ হেজাৰ আৰু মা তাৰা মেডিকেল ষ্টোৰৰ পৰা দহ হেজাৰ টকাৰ নগদ ধন চোৰ কৰি নিয়ে। উল্লেখযোগ্য যে ৰঞ্জিত দাস ষ্টোৰৰ চিচি কেমেৰাত ধৰা পৰা এজন চোৰৰ সম্পূৰ্ণ কাণ্ড আৰক্ষীক অৱগত কৰা হৈছে যদিও আৰক্ষী তথা স্থানীয় ৰাইজে এতিয়ালৈকে চোৰ জনক কৰায়ত্ত কৰিব পৰা নাই।