গুৱাহাটী
১৩ ছেপ্টেম্বৰ
ষ্টাৰ্টআপ অসমে উত্তৰ-পূব ষ্টাৰ্টআপ ফেষ্টিভেলৰ প্ৰাৰম্ভিক অনুষ্ঠান হিচাপে উত্তৰ-পূব ষ্টাৰ্টআপ ৱেবিনাৰৰ আয়োজন কৰিছে য’ত উত্তৰ-পূব আৰু চুবুৰীয়া দেশ বাংলাদেশ, ভূটান আৰু এছিয়ান দেশসমূহে ভাগ ল’ব। ৱেবিনাৰৰ আয়োজন উত্তৰ-পূবৰ ৰাজ্যসমূহত ষ্টাৰ্টআপ ইক’চিষ্টেম এটা কৰিবলৈ কৰা হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় বেপাৰ সহযোগ, বাণিজ্য সন্মিলন, ষ্টাৰ্টআপ কনক্লেভ, বিনিয়োগকাৰী কনক্লেভ আৰু ষ্টাৰ্টআপ জ’ন বিভিন্ন প্ৰতিযোগিতাৰ গঠন কৰা হৈছে।
মূল কথাটো হ’ল যে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত উত্তৰ-পূব ভাৰতৰ বেপাৰ-বাণিজ্যক অধিক শক্তিশালী কৰিবলৈ এক ষ্টাৰ্টআপ ফেষ্টিভেলৰ বিষয়ত কাম কৰিব লাগিব। উত্তৰ-পূব ষ্টাৰ্টআপ ফেষ্টিভেল অৱধাৰণাৰ উদ্দেশ্য হৈছে উত্তৰ-পূব ৰাজ্যসমূহৰ মাধ্যমেৰে ভাৰতৰ লগত দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সামাজিক, সাংস্কৃতিক আৰু আৰ্থিক দিশসমূহৰ আদান-প্ৰদান কৰা। ৱেবিনাৰৰ ধাৰণাটো স্থানীয় উদ্যোগীসকলৰ লগত আলোচনা কৰি চুবুৰীয়া দেশসমুহৰ লগত এক দলং গঢ়ি তুলিবলৈ, আৰু বেপাৰ-বাণিজ্যৰ আদান-প্ৰদান কৰিবলৈ, উত্তৰ-পূব ভাৰতত উৎপাদন হোৱা বিভিন্ন সামগ্ৰীৰ আমদানি-ৰপ্তানিক সুবিধাজনক কৰি তুলিবৰ বাবে কৰা হৈছিল।
ৱেবিনাৰৰ মুখ্য বক্তা আৰু তেওঁলোকৰ ৱেবিনাৰৰ সকল হৈছে সুনিল চেথ, চি ই অ, আদানী গ্ৰুপ, ম্যানমাৰৰ হাবিব মহম্মদ চৌধুৰী, মনোজ কুমাৰ দাস, এম ডি, নেৰামেক, কেভিন য়ু, প্ৰতিষ্ঠাপক আৰু চি ই অ, এন্ট ফুড টেক , শ্ৰী প্ৰাঞ্জল কোঁৱৰ, চি অ অ, অসম ষ্টাৰ্টআপ নেষ্ট
অনুষ্ঠানটোৰ সঞ্চালক আছিল ড৹ অৰূপ কুমাৰ মিশ্ৰ, ডাইৰেক্টৰ, এ এছ টি ই চি আৰু শলাগৰ শৰাই আগবঢ়াই অমিতাভ বৰুৱা, সম্পাদক, ষ্টাৰ্টআপ অসম। অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ উদ্যোগী, বাণিজ্য সংগঠন, বিভিন্ন ক্ষেত্ৰৰ ষ্টাৰ্টআপ কোম্পানী, এম এছ এম ই, চৰকাৰী সংগঠনৰ অধিকাৰী, বিনিয়োগকাৰী, উদ্যোগীয়ে অংশগ্ৰহণ কৰি এই ক্ষেত্ৰখনত তেওঁলোকৰ বিচাৰ আৰু ব্যৱসায়িক সম্ভাৱনাৰ কথা ব্যক্ত কৰে।