গুৱাহাটী

২৮ আগষ্ট

ছাত্ৰবৃত্তিৰ নামত ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ জৰিয়তে মোকলাই দিয়া ৫০১ কোটিৰো অধিক টকা দুৰ্নীতিৰে আত্মসাৎ হোৱাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে ব’ৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আৱালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত ঘোষণা কৰিছে চিআইডি তদন্ত। মুখমন্ত্ৰীৰ নিৰ্দেশত বৃহস্পতিবাৰৰ পৰা তদন্তকাৰী সংস্থাটোৱে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।

ছাত্ৰবৃত্তিৰ ধনৰ নামত বিগত সময়ছোৱাত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ বিষয়ত শুকুৰবাৰে গুৱাহাটীস্থিত সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অধ্যক্ষ মুমিনুল আৱালে কয় যে এই দুৰ্নীতি সন্দৰ্ভত এতিয়ালৈ চিআইডি আৰু বিভিন্ন জিলা আৰক্ষী অধীক্ষকৰ ওচৰত ব’ৰ্ডৰ ফালৰ পৰা ১৭ টা অভিযোগ দিয়া হৈছে। অভিযোগৰ ভিত্তিত কিছু লোক ইতিমধ্যে কৰায়ত্ত হৈছে যদিও ইয়াৰে বহুকেইজন আইনৰ সুযোগ লৈ মুকলি আকাশৰ তললৈ আহিছে। ছাত্ৰবৃত্তিৰ ধন আত্মসাৎৰ দুৰ্নীতি শিক্ষানুষ্ঠাৰ প্ৰধানসকলৰ দ্বাৰা সংঘটিত সৰ্বকালৰ বৃহৎ দুৰ্নীতি বুলি অভিহিত কৰি আৱালে কয় যে ছাত্ৰবৃত্তিৰ বাবে অসমৰ এহেজাৰখনৰো অধিক শিক্ষানুষ্ঠানৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিছে। ছাত্ৰবৃত্তিৰ নামত ৫০১ কোটি ৪৬ লাখ টকা মোকলাই দিয়া হৈছে যদিও ইয়াৰে অধিকাংশই দালালচক্ৰৰে মিলি শিক্ষানুষ্ঠানৰ মুৰব্বীসকলে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। এই দুৰ্নীতি তদন্তৰ বাবে এটি তদন্তকাৰী গোট গঠন কৰি দিবলৈ অনুৰোধ জনাই যোৱা ২৬ জুলাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আবেদন জনোৱাৰ কথা উল্লেখ কৰি আৱালে কয় যে আবেদন প্ৰতি সহাঁৰি জনাই মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয় তদন্তৰ দায়িত্ব চিআইডি’ক অৰ্পণ কৰিছে।

মুখমন্ত্ৰীৰ নিৰ্দেশত বৃহস্পতিবাৰৰ পৰা চিআইডি’য়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰি দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে শুকুৰবাৰে সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ দুজন কৰ্মচাৰীক তথ্য আহৰণৰ বাবে তলব কৰিছে। সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে আৰু কয় যে ছাত্ৰবৃত্তি কেলেংকাৰীৰ লগত নগাঁৱৰ ৫১ টা বেংক সেৱা কেন্দ্ৰ (চি.এছ.পি) জড়িত থকাৰ অভিযোগ উঠিছে। এই সম্পৰ্কীয় তথ্য-পাতি আৰক্ষীক জমা দিয়া হৈছে। হামি এ কে ৰছুল কলেজ নামৰ এখন অস্তিত্বক লৈ সন্দেহ থকা শিক্ষানুষ্ঠানৰ ৩২২ জন শিক্ষাৰ্থীৰ প্ৰতিজনৰে বিপৰীতে ৩০ হেজাৰকৈ মুঠ ৯৬ লাখ ৮০ হেজাৰ টকা উলিয়াই নি আত্মসাৎ কৰাৰ অভিযোগ অভিযোগ উঠিছে। ইতিমধ্যে শিক্ষানুষ্ঠানসকলৰ স্বত্বাধিকাৰীসকলক গ্ৰেপ্তাৰ কৰা হৈছে। বকো বিধানসভা সমষ্টিৰ বহু শিক্ষানুষ্ঠানৰ বিৰুদ্ধে ছাত্ৰবৃত্তিৰ ধন আত্মসাৎৰ অভিযোগ উঠিছে। দুৰ্নীতিত ৰাজনৈতিক ব্যক্তিও জড়িত থকাৰ উমান পোৱা গৈছে। বৰাকত সংঘটিত দুৰ্নীতিত কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ লগত জড়িত লোকৰ নাম ওলাইছে। বিজেপিৰ লগত জড়িত লোকো দুৰ্নীতিত লিপ্ত থকা বুলি মন্তব্য কৰি আৱালে আশা প্ৰকাশ কৰে যে তদন্তত সকলো কথা পোহৰলৈ আহিব।

আনহাতে বিধানসভাৰ মজিয়াত তিনিজন সংখ্যালঘু বিধায়কে সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালৰ বিৰুদ্ধে কেতবোৰ মিছা অভিযোগ উত্থাপনেৰে লম্ফজম্ফ কৰাৰ প্ৰসংগ উল্লেখ কৰি আৱালে কয় যে সেই সংখ্যালঘু বিধায়কসকলে ছাত্ৰবৃত্তি কেলেংকাৰীত জড়িত শিক্ষানুষ্ঠানসমূহৰ বিষয়ত নিজৰ স্থিতি প্ৰকাশ কৰিব লাগে। বৰ্তমানলৈ এই দুৰ্নীতিৰ বিষয়ত তেওঁলোকে ৰহস্যজনকভাৱে নীৰৱ ভূমিকা গ্ৰহণ কৰিছে। বৰাকৰ এজন সংখ্যালঘু বিধায়কেও কেতবোৰ কাল্পনিক অভিযোগ উত্থাপন কৰিছে। ছাত্ৰবৃত্তিৰ দুৰ্নীতিৰ লগত কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ বিধায়ক জড়িত হৈ থকা বুলিহে সন্দেহ কৰা হৈছে বাবেই বিষয়টো সন্দৰ্ভত তেওঁলোক মৌন। ৰূপহী¸ চামগুৰিকে ধৰি কেইবাটাও সমষ্টিৰ সংখ্যালঘু বিধায়ক এই দুৰ্নীতিত জড়িত থকাৰ অভিযোগ উঠিছে। ইতিমধ্যে ছাত্ৰবৃত্তি কেলেংকাৰীত জড়িতৰ অভিযোগত যিসকল লোক কৰায়ত্ত হৈছে তেওঁলোকৰ অধিকাংশই কংগ্ৰেছ বা এআইইউডিএফ’ৰ লগত জড়িত। আৱালে ছাত্ৰবৃত্তিৰ এই বিয়াগোম দুৰ্নীতিৰ কোনো অভিযোগ থাকিলে পোনপটীয়াকৈ সংখ্যালঘু উন্নয়ন ব’ৰ্ডক দিবলৈ আহ্বান জনাই এইক্ষেত্ৰত সংবাদমাধ্যমৰ সহযোগিতাও কামনা কৰে আৱালে।

সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে লগতে কয় যে ইতিমধ্যে বহুতেই এই দুৰ্নীতি সম্পৰ্কীয় অভিযোগ ব’ৰ্ডলৈ প্ৰেৰণ কৰিছে। চিআইডি’ৰ তদন্তত দুৰ্নীতিৰ সকলো তথ্য উন্মোচিত হোৱাৰ লগতে দুৰ্নীতিকাৰী কৰায়ত্ত হ’ব বুলি আশা প্ৰকাশ কৰি আৱালে জাতি¸ মাটি¸ ভেটি ৰক্ষাৰ বাবে বিভিন্ন ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱালক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি অভিহিত কৰি কয় যে দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীন কঠোৰ স্থিতি গ্ৰহণ কৰি সোণোৱাল ব্যতিক্ৰমী মুখ্যমন্ত্ৰী হিচাপে ৰাইজৰ মাজত পৰিচিত হৈছে। তেওঁৰ কঠোৰ স্থিতিৰ বাবেই এপিএছচি কেলেংকাৰীত জড়িতসকল গ্ৰেপ্তাৰ হৈছে। ছাত্ৰবৃত্তি কেলেংকাৰীৰ তদন্ত মুখ্যমন্ত্ৰীৰ বাবেই সম্ভৱ হৈছে। তেওঁ অসমৰ ঐতিহ্যপূৰ্ণ সত্ৰসমূহৰ ভূমি বেদখলমুক্ত কৰি উন্নয়নৰ বাবে অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে। ভাষা-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত সাহিত্য সভাসমূহলৈ অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে। জাতি¸ মাটি¸ ভেটি ৰক্ষাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে এনে বহু ব্যতিক্ৰমী পদক্ষেপ লোৱা বুলি আৱালে মন্তব্য কৰে।