ফজলুৰ ৰহমান

সোণতলী 

১২ আগষ্ট

দক্ষিণ কামৰূপ জিলাৰ ছমৰীয়া শিক্ষাখণ্ডৰ অধীনস্থ একাংশ বিদ্যালয়ত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ নামত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে সোণতলী আৰক্ষীয়ে আটক কৰিছে এম ই মাদ্ৰাছাৰ এগৰাকী প্ৰধান শিক্ষকক৷ আৰক্ষীৰ হাতত আটক হোৱা শিক্ষকজন হৈছে ছমৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত জাওঁকাটা কিচমত কাঠমী ওচমানীয়া এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুছ ছালাম৷

উল্লেখ্য, কিচমত কাঠমী গাঁৱৰ মনছেৰ আলী, আব্দুল হালিম আৰু জাওঁকাটা গাঁৱৰ ৰমজান আলী নামৰ লোক তিনিজনে বিদ্যালয়খনত সংঘটিত ছাত্ৰবৃত্তিৰ কেলেংকাৰী সম্পৰ্কত বকো থানাত দাখিল কৰা এজেহাৰৰ ভিত্তিত আটক হয় প্ৰধান শিক্ষকজন৷ বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশত ছমৰীয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে সোণতলীৰ পৰা আটক কৰে প্ৰধান শিক্ষকজনক৷ সম্প্ৰতি প্ৰধান শিক্ষক আব্দুছ ছালামক বকো থানাত জেৰা চলাই থকা হৈছে৷ লক্ষণীয় যে, সংখ্যলঘু বৰ্ডৰ আশীৰ্বাদ আৰু দালাল চক্ৰৰ কৃপাত কামৰূপ জিলাৰ বকো আৰু ছয়গাঁও সমষ্টিৰ সংখ্যালঘূ অধ্যুষিত অঞ্চলসমূহত সংখ্যালঘু উন্নয়ন বৰ্ডৰ ছত্ৰছায়াত এটা প্ৰভাৱশালী দালাল চক্ৰই বিদ্যালয়ৰ প্ৰধান আৰু বিভিন্ন বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ সহযোগত যোৱা বিত্তীয় বৰ্ষৰ লেখিয়া ২০১৯-২০ বৰ্ষতো ব্যাপক কেলেংকাৰী সংগঠিত কৰাৰ কথা পোহৰলৈ আহিছে। বিদ্যালয় বৰ্হিভূত বোৱাৰী-মহিলা আৰু বৃদ্ধ লোকেও লাভ কৰিছে ছাত্ৰবৃত্তিৰ ধন৷ একাংশ চৰকাৰী ও বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অজ্ঞাতে বেংক কতৃপক্ষৰে মিলি দালাল চক্ৰই উদৰস্থ কৰি আহিছে বৃত্তিৰ সমূদায় ধন পৰ্যন্ত৷ ইতিমধ্যে ছাত্ৰবৃত্তিৰ কেলেংকাৰীত জড়িত প্ৰধান শিক্ষক এগৰাকী নিলম্বিত হোৱাৰ লগতে চাৰিজন দালাল ও শিক্ষক ৰঙাঘৰৰ আলহী হ’ব লগীয়া হৈছে৷

পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰ গঠন কৰি দুৰ্নীতিৰ সৈতে শূন্য সহনশীলতা প্ৰদৰ্শন কৰা বৰ্তমানৰ বিজেপি চৰকাৰৰ আমোলতে ছাত্ৰ-ছাত্ৰীৰ জলপানী নামত দিন ডকাইতিৰ লেখিয়াকৈ সংঘটিত হৈ অহা কেলেংকাৰীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে৷ পিচে চৰকাৰ তথা বিভাগীয় কতৃপক্ষই কৰিবনে সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত সংঘটিত দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত? নে আইনৰ মেৰপেচত সাৰি যাব এইসকল দালাল ও শিক্ষক? এয়াই সম্প্ৰতি দৰিদ্ৰ অভিভাৱক ও শিক্ষা সচেতন সকলৰ বাবে কোটি টকীয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে ৷