চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ১ জুন : যোৱা ২৯ মে’ তাৰিখে সংবাদ ৩৬৫ ৱেব প’ৰ্টেলত প্ৰকাশিত “ৰুবী সোণোৱালৰ জীৱনৰ কৰুণ গাঁথা” – শীৰ্ষক বাতৰিৰ পিছতে চৰাইদেউ জিলাৰ কেইবাজনো শুভাকাংক্ষী ব্যক্তি আগবাঢ়ি আহিছে ৰুবী সোণোৱালৰ পৰিয়ালটোক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ।

সোমবাৰে চৰাইদেউ জিলা পৰিষদৰ কংগ্ৰেছ সমিতিৰ সম্পাদক তথা সমাজ কৰ্মী উৎপল গগৈয়ে সংবাদ ৩৬৫ ৱেব প’ৰ্টেলত প্ৰকাশিত বাতৰিৰ পিছতে ৰুবী সোণোৱালৰ বাসগৃহত উপস্থিত হৈ ৰুবী সোনোৱালৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান কৰে। আনহাতে অসম চৰকাৰৰ মন্ত্ৰী তপন কুমাৰ গগৈ প্ৰমুখ্যে বৰহাটৰ বিজেপি নেতা তথা সমাজ কৰ্মী দ্বীপ ৰঞ্জন গগৈও আৰ্থিক সাহাৰ্য আগবঢ়ায় ৰুবীৰ পৰিয়াললৈ। উল্লখ্য যে, চৰাইদেউ জিলাৰ বৰহাট নগাকটা বলমীগাঁৱৰ ২৪ বছৰীয়া যুৱতী ৰুবী সোণোৱাল সোণাৰি মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি বিশ্ববিদ্যালয়ত পঢ়াৰ প্ৰৱল ইচ্ছা থকাৰ পাছতো ঘৰৰ আৰ্থিক অনাতনৰ বাবে আধাতে পঢ়া সামৰিব লগা হৈছিল। ঘৰৰ আৰ্থিক অৱস্থা উন্নত নোহোৱাত স্বাৱলম্বীতাৰ বাবে ডিব্ৰুগড়ত বেচৰকাৰী প্ৰতিষ্ঠান এটাত চাকৰি কৰি নিজৰ লগতে পৰিয়ালক সহায় কৰি অহা ৰুবী হঠাৎ এদিন গাধোৱা কোঠাত পিচলি মূৰত গুৰুত্বৰ ভাবে আঘাত পায়। মূৰত আঘাট পোৱাৰ পিছত ৰুবী সোণোৱালৰ দৃষ্টি শক্তি কমি আহিবলৈ ধৰাত ডিব্ৰুগড়ত চিকিৎসকৰ কাষ চাপে ৰুবীৰ পৰিয়াল। চিকিৎসকে ৰুবীৰ মুৰৰ পৰীক্ষা কৰি অচিৰেই মূৰৰ অস্ত্ৰোপচাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।

আৰ্থিক ভাৱে অসহায় ৰুবীৰ মাতৃ মলিনী সোণোৱালে সংবাদ ৩৬৫ ৰ জৰিয়তে কন্যাক চিকিৎসাৰ বাবে অসমবাসী ৰাইজৰ লগতে চৰকাৰলৈ আহ্বান জনাইছিল। ৰুবীৰ মাতৃয়ে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী তপন কুমাৰ গগৈ , লগতে চৰকাৰৰ পৰা সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছিল সংবাদ ৩৬৫ ৰ মাধ্যমেৰে। অৱশেষত ৰুবীক সহায় কৰিবলৈ ওলাই আহিল মন্ত্ৰী তপন কুমাৰ গগৈৰ লগতে স্থানীয় কংগ্ৰেছ নেতা উৎপল গগৈ। এতিয়াও ৰুবীক চিকিৎসাৰ বাবে প্ৰয়োজন বৃহৎ ধনৰ লগতে অসমবাসী ৰাইজৰ আশীৰ্বাদৰ।