তিনিচুকীয়া
৪ ডিচেম্বৰ
বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে সকলাে শ্ৰেণীৰ জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ শান্তি, সম্প্রতি সুদৃঢ় কৰিবলৈ বিগত চাৰে চাৰি বছৰে নিষ্ঠাৰে পদক্ষেপ গ্রহণ কৰিছে। ৰাজ্য চৰকাৰৰ দৃষ্টান্তমূলক পদক্ষেপসমূহৰ ফলস্বৰূপে অসমত কোনােধৰণৰ গােষ্ঠীগত সংঘর্ষ সংঘটিত হােৱা নাই। ৰাইজৰ পূর্ণ সহযােগিতাৰ বাবে অসমত স্থায়ী শান্তি প্রতিষ্ঠা সম্ভৱ হৈ উঠিছে। সোমবাৰে তিনিচুকীয়া জিলাৰ ডাঙৰীৰ বিহিয়া গাঁৱৰ দণ্ডিধৰ ফাটোৱালী সমন্বয় ক্ষেত্ৰত আয়ােজিত সদৌ অসম সােণােৱাল কছাৰী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ ষষ্ঠ দ্বি-বার্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এইদৰে কয়। মুখ্যমন্ত্রীয়ে কয় যে ২০১৬ চনত চৰকাৰ গঠন কৰাৰ সময়ৰে পৰা ৰাজ্য চৰকাৰে এখন দুর্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্রাসবাদমুক্ত আৰু প্ৰদূষণমুক্ত অসম গঢ়িবলৈ দিনে-নিশাই কাম কৰিছে।
অসম চৰকাৰৰ দুর্নীতিবিৰােধী পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে কয় যে প্রশাসন যন্ত্র শুদ্ধ, নিকা আৰু স্বচ্ছ হ’লে ৰাইজৰ আস্থা আৰু বিশ্বাস গাঢ় হয়। ৰাজ্যিক লােকসেৱা আয়ােগত সাধন কৰা সংস্কাৰৰ ফলত মেধাৰ ভিত্তিত যুৱক-যুৱতীসকলে কর্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এপিএছচিকে ধৰি দুর্নীতি সংক্রান্ত সকলােধৰণৰ ৰাজহুৱা অভিযােগৰ বিৰুদ্ধে দৃষ্টান্তমূলক পদক্ষেপ গ্রহণ কৰা হৈছে। চৰকাৰ গঠন কৰাৰ সময়তে ৰাজ্যবাসীক প্ৰদূষণমুক্ত অসম গঢ়াৰ প্রতিশ্রুতি দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধি কৰিবলৈ চাৰে চাৰি বছৰে অসম চৰকাৰে ৮.৫০ কোটি জোপা ফল, ফুল, ঔষধি গছপুলি ৰােপন কৰিছে। ফৰেষ্ট চার্ভে অৱ ইণ্ডিয়াৰ প্রতিবেদনত ৰাজ্যত বনাঞ্চলৰ পৰিমাণ ২২২ বর্গ কিলােমিটাৰ বৃদ্ধি পাইছে বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে। সন্ত্রাসবাদমুক্ত অসম গঢ়াৰ দিশত অসম চৰকাৰে লাভ কৰা সফলতাৰ বাবে আজি বহু উগ্রপন্থীয়ে হিংসাৰ পথ ত্যাগ কৰি শান্তিৰ পথ বাছি লৈছে বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত শান্তি প্রতিষ্ঠা হােৱাৰ ফলত অর্থনীতিৰ বিকাশ ত্বৰান্বিত হৈছে আৰু বহু ঔদ্যোগিক গােষ্ঠীয়ে উদ্যোগ প্রতিষ্ঠাৰ বাবে আগবাঢ়ি আহিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে যে বিশ্ব বিনিয়ােগ সন্মিলনৰ পৰৱৰ্তী সময়ত ৰাজ্যত ৫৫ হাজাৰ কোটি টকাৰ বিনিয়ােগ হৈছে। ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ পদক্ষেপসমুহৰ বিষয়ে মুখ্যমন্ত্রীয়ে নিজৰ ভাষণ প্রসংগত উল্লেখ কৰে। স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে অসম চৰকাৰে সমন্বয়ৰ বাতাৱৰণ গঢ়ি তােলাৰ বাবে লােৱা পদক্ষেপসমুহ সফল হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী য়ে কয় যে প্রতিটো জাতি-জনগােষ্ঠীৰ স্বার্থ আৰু অধিকাৰ সুৰক্ষিত কৰিবলৈ ৰাজ্য চৰকাৰে নিষ্ঠাৰে কাম কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বৰ্তমানৰ অসম চৰকাৰখনেই খিলঞ্জীয়াৰ আর্তনাদ উপলব্ধি কৰিছে। ইতিমধ্যে ৰাজ্যৰ ১ লাখ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে আগন্তুক সময়ছােৱাত আৰু ১ লাখ খিলঞ্জীয়া ভূমিহীন লােকক মাটিৰ পট্টা প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে সােণােৱাল কছাৰী জনগােষ্ঠীৰ সৰ্বাংগীন বিকাশৰ বাবে সদৌ অসম সােণােৱাল কছাৰী ছাত্ৰ সন্থাই লােৱা পদক্ষেপৰ কথা উল্লেখ কৰি বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত ছাত্র সংগঠনটোৱে আগবঢ়োৱা পদক্ষেপৰ শলাগ লয়। মুখ্যমন্ত্ৰীয়ে লগতে জনগােষ্ঠীটোৰ উঠি অহা প্ৰজন্মক শিক্ষাৰ প্ৰতি অধিক ধাউতিশীল হ’বলৈ আহ্বান জনায়। মুখ্যমন্ত্রীয়ে ভাষণ প্রসংগত ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলােধৰণৰ অভাৱ অভিযােগ দূৰ কৰাৰ বাবে ব্যৱস্থা লােৱাৰ উপৰি অঞ্চলটোত এখন মহাবিদ্যালয় প্রতিষ্ঠা কৰাৰ বাবে ইতিবাচক দৃষ্টি ভংগীৰে ব্যৱস্থা ল’ব বুলি আশ্বাস প্রদান কৰে। তদুপৰি বাইথেী সাংস্কৃতিক প্রকল্প যাতে এক আকর্ষণীয় আধ্যাত্মিক প্রকল্প হিচাপে গঢ় লৈ উঠে তাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে কয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে বাইথৌ সংস্কৃতিৰ সাধক তথা বাইথৌ মন্দিৰৰ প্রাক্তন মজিন্দাৰ প্রমােদ সােণােৱালক সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাজ্যিক লােকসেৱা আয়ােগৰ দ্বাৰা আয়ােজিত সংযুক্ত প্রতিযােগিতামূলক পৰীক্ষা ২০১৮ ত সফলতা লাভ কৰা জনগােষ্ঠীটোৰ যুবক-যুবতীকো মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনায়। শদিয়া সমষ্টিৰ বিধায়ক তথা অভ্যর্থনা সমিতিৰ সভাপতি বলিন চেতিয়াই আদৰণী ভাষণ আগবঢ়োৱা সভাত সদৌ অসম সােণােৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেঙে নিদিষ্ট বক্তাৰ ভাষণ প্রদান কৰে।
সদৌ অসম সােণােৱাল কছাৰী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বিদ্যুৎ সােণােৱালে সভাপতিত্ব কৰা এই সভাত কেন্দ্রীয় খাদ্য সংসাধন মন্ত্রী ৰামেশ্বৰ তেলী, সাংসদ প্রদান বৰুৱাই ভাষণ প্রদান কৰে। সভাত অসম চৰকাৰৰ চাহ জনগােষ্ঠী কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, বিধায়ক বিনােদ হাজৰিকা, সােণােৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰী, সােণােৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উপমুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সােণােৱাল, সদৌ অসম সােণােৱাল কছাৰী কল্যাণ সংঘৰ সভাপতি ভূবন চন্দ্র বৰা, সদৌ অসম সােণােৱাল কছাৰী নাৰী সন্থাৰ সভাপতি ৰশ্মিৰেখা সােণােৱাল প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।