গুৱাহাটী, সংবাদ ৩৬৫, ২৫ এপ্ৰিল : সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো উদযাপন বিশ্ব মেলেৰিয়া দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় তেল নিগমে নাৰীকলবস্তিত পালন কৰে এই দিৱসৰ।

অনুস্থানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ দেৱেশ্বৰ মালাকাৰ।লগতে উপস্থিত থাকে ভাৰতীয় তেল নিগম আৰু মেলেৰীয়া বিভাগৰ কেইবাগৰাকী বিষয়া। উক্ত অনুষ্ঠানত মেলেৰীয়া ৰোগৰ পৰা কেনেকৈ নিৰ্মল কৰিব পাৰি,এই বিষয়ে আলোচনা কৰা হয়।

২০০৮ বৰ্ষৰ পৰা সমগ্ৰ বিশ্ববাসীয়ে আজিৰ দিনটোত মেলেৰিয়া দিৱস হিচাপে উদযাপন কৰি আহিছে।২০১৮ বৰ্ষত সমগ্ৰ বিশ্বত মেলেৰিয়া ৰোগ হোৱা লোকৰ সংখ্যা হৈছে ২১৯ মিলিয়ন।ইয়াৰে চাৰি লাখ ৩৫ হাজাৰ লোকৰ মৃত্যু হৈছে।