গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ: গুৱাহাটীৰ এক ষ্টাৰ্টআপে শীঘ্ৰে আৰম্ভ কৰিব ইয়াৰ অন-ডিমাণ্ড পৰিৱহণ সেৱা – ৱাইফী কেব। ভাৰতৰ ৯৮খন স্মাৰ্ট চিটীত, আৰু প্ৰতিদিনে ১০ লাখ ৰাইডৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। শুকুৰবাৰে মিছ ইণ্ডিয়া ২০১৬ প্ৰিয়দৰ্শীনি চেতাৰ্জীৰ উপস্থিতিত গুৱাহাটীত এছপায়াৰিং আইডিয়াছ এণ্ড ফিউছাৰ টেক ছলুশ্যনছে আৰম্ভ কৰে ৱাইফ কেব ব্ৰেণ্ডটো। এই ব্ৰেণ্ডটোয়ে যিটা ব্ৰেণ্ডৰ সৈত ইতিমধ্যে ২০০০ৰো অধিক কেব সংযুক্ত হৈছে, দূৰ্গা পূজাৰ পূৰ্বে গুৱাহাটীত ইয়াৰ সেৱা আৰম্ভ কৰিব। অনুষ্ঠানটো সম্পৰ্কে মিছ ইণ্ডিয়া ২০১৬ প্ৰিয়দৰ্শীনি চেতাৰ্জীয়ে কয় যে দেশজুৰি যাত্ৰীসকলে ভুগি থকা সমস্যা সমাধান কৰিবলৈ গুৱাহাটীৰ এটা ষ্টাৰ্ট আপে এনেদৰে কাম কৰি থকা অতিকৈ আনন্দিত। “ৱাইফী কেব মুকলিৰ জৰিয়তে তেওঁ আশা কৰে যে মহানগৰখনৰ যিকোনো অংশত থকা লক্ষ্যস্থানেই দূৰনি নহ’ব। গুৱাহাটীক এক অত্যাধুনিক নগৰ পৰিৱহণ ব্যৱস্থা আৰু ৱাইফী কেব সেই শূন্যতা পূৰণৰ লক্ষ্য আগত ৰাখিছে। গুৱাহাটীৰ।এই যাত্ৰাৰ অংশীদাৰ হ’বলৈ পাই অতি আনন্দিত বুলি মিছ ইণ্ডিয়া ২০১৬ প্ৰিয়দৰ্শীনি চেতাৰ্জীয়ে কয়। এই কেব সেৱাই দুৰ্গা পূজাৰ পূৰ্বে গুৱাহাটীত আৰম্ভ হ’ব – মহানগৰীৰ ভিতৰৰ ৰাইড আগবঢ়াব প্ৰতি কিলমিটাৰত ৫ টকা হাৰে। ৪০০০ গাড়ীৰ অন্তৰ্ভুক্তিৰ এই সেৱা মুকলি কৰাৰ লক্ষ্য ৱাইফী কেবে আনিছ ইয়াৰ সমান্তৰিকভাৱে গ্ৰাহকৰ বাবে উদ্ভাৱনীমূলক অ’ফাৰ। যাত্ৰীৰ বাবে কেব সেৱাৰ সমান্তৰািভাৱে, তেওঁলোকৰ মবাইল এপৰ জৰিয়তে অন-ডিমাণ্ড এম্বুলেন্স সেৱাও আৰম্ভ কৰিব ৱাইফী কেব।
ম’বাইল এপৰ প্ৰতিটো ডাউনলোডৰ সৈতে ৱাইফী কেব ৱালেটত প্ৰতিজন গ্ৰাহকে ১১,০০০ টকাৰ কেছ-ক্ৰেডিট লাভ কৰিব। ইয়াৰ ভিতৰত, ১০০০ টকা ব্যৱহাৰ কৰিব পাৰিব ঊৰ্ধ দামৰ সময়ত আৰু বাকী ১০,০০০ টকা গ্ৰাহকৰ বেংকৰ একাউণ্টত জমা কৰা হ’ব যদিহে তেও প্ৰতিবছৰে ৩০০টাকৈ ট্ৰিপ বুক কৰে। কেবৰ স্বত্তাধিকাৰী আৰু চালকসকলৰ বাবে, ৱাইফী কেবে আৰম্ভ কৰিছে আনলিমিবটেড ৰাইড ৰিচাৰ্জ কুপন, যিয়ে তেওঁলোকক কমিছনবিহীন অসীম ৰাইডৰ সুবিধা প্ৰদান কৰিব।“ই হৈছে এক অদ্বিতীয় ধাৰণা। ১৫৯৯ টকাৰ ৰিচাৰ্জ ল’লে, এগৰাকী কেব চালকে অসীমিত ৰাইড গ্ৰহণ কৰিব পাৰিব। যাৰ পৰা তেওঁলোকে কোনো ধৰণৰ কমিছন নলয়। বৰ্তমান সময়ত কেব চালক সকলে অতি লোকচানৰ সন্মুখীন হৈছে। কিন্তু ৱাইফী কেবৰ পৰা তেওঁলোকে উপাৰ্জনৰ প্ৰতিটো টকা চালকক প্ৰদান কৰিব, যেতিয়া তেওঁলোকে ১৫৯৯ টকা ৰিচাৰ্জ কৰে, যাৰ ভেলিডিটী হৈছে ৩০দিনৰ বাবে অসীমিত ট্ৰিপ,” ৱাইফী কেবৰ সহ প্ৰতিষ্ঠাপক কৃষ্টি শিখাই এই সংযোজন আগবঢ়াই। সমান্তৰিকভাৱে, প্ৰতিমাহে ১০০জন সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়োৱা ১০০জন চালকক ৫০০০ টকাৰ বনাছ আগবঢ়োৱাৰ সমান্তৰিকভাৱে কোম্পানীটোৱে পেন্সন আচনি আৰু দুৰ্ঘটনা বীমা আগবঢ়াইছে। উন্মােচনী অ’ফাৰ হিচাপে নতুন চালকৰ বাবে প্ৰথম মাহৰ ৰেন্টেল বিনামূলীয়া আৰু চালকৰ ৱালেটত ৩০০০ টকা যোগ কৰা হ’ব যি পৰৱৰ্তী ৰিচাৰ্জবোৰত কৰিব পাৰিব। সমান্তৰিকভাৱছ, ৫০খন কেব ৰেফাৰ কৰিব পৰা চালকলৈ ১ বছৰৰ বিনামূলীয়া আগবঢ়োৱা হ’ব। সেৱাৰ দুমাহ হোৱাৰ পাছত কোম্পানীটোৱে লাকী ড্ৰ পৰিচালনা কৰিব য’ত চালকসকলে ৫০০০০ টকালৈ প্ৰাইজ বিজয়ী হব পাৰে। গুৱাহাটীৰ এই ষ্টাৰ্ট আপে প্ৰাৰম্ভিকভাবে ১.২ কোটি টকাৰ ছীড ফাণ্ড সংগ্ৰহ কৰিছে আৰু ভাৰতৰ ৯৮খন স্মাৰ্ট চিটীত সেৱা প্ৰসাৰিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ইতিমধ্যে কোম্পানীটোৱে কেইবাখনো মহানগৰৰ বজাৰত সমীক্ষা আৰম্ভ কৰিছে।