নতুন দিল্লী, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্যন তথা সামাজিক আলোচনী জী টাউন চ’চাইটি য়ে অন্যান্য বছৰৰ দৰে এইবাৰো বলিউড, ফেশ্যন, সমাজ সেৱা, শিক্ষাৰ ক্ষেত্ৰত বিশেষভাবে সেৱা আগবঢ়োৱা ব্যক্তিক সকলক বঁটা প্ৰদান কৰে। নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত অনুষ্ঠিত উক্ত বঁটা প্ৰদান অনুষ্ঠানত অন্ধবিশ্বাস, ডাইনী কাণ্ড, সন্ত্ৰাসবাদ, সম্প্ৰদায়িকতাৰ বিৰুদ্ধে তথা মহিলা সৱলিকৰণ, শিক্ষা তথা বিশেষকৈ শান্তি আৰু মানৱতাৰ হকে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে অসমৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক জি টাউন বঁটা প্ৰদান কৰে।

বিগত দুটা দশক ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি আৰু মানৱতাৰ হকে কাম কৰি অহা ডঃ দিব্যজ্যোতি শইকীয়াই জী টাউন বঁটাৰ পূৰ্ব্বে প্ৰায় ৪২ তাতকৈ আধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ইযাৰ ভিতৰত বাবু জগজীৱনৰাম ৰাষ্ট্ৰীয় বঁটা, এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা, ডঃ ভূপেন হাজৰিকা শান্তি বঁটা, মৌলানা আজাদ ৰাষ্ট্ৰীয় বঁটা, সন্ত গাৰ্গে বাবা ৰাষ্ট্ৰীয় বঁটা, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বঁটা, ষ্টাৰ ইণ্ডিয়া ৰিপাবলিক বঁটা, ভালেকেইটা উপাধি, সম্বৰ্ধনা আদিৰ উপৰি অন্ধবিশ্বাসৰ বিৰূদ্ধে চলোৱা সংগ্রামৰ বাবে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱা ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰবল দাবীতেই অসমত ডাইনী কাণ্ড ৰোধ আইন প্ৰণয়ন তথা বলবৎ হয়।

উল্লেখযোগ্য যে জী টাউন মেগাজিনৰ উক্ত বঁটা প্ৰদান অনুষ্ঠানত ডঃ দিব্যজ্যোতি শইকীয়াৰ উপৰি বলিউড অভিনেত্ৰী মিনিশা লামবা, বিশিষ্ট ক্রিকেট প্ৰশিক্ষক এম পি সিং, বিশিষ্ট ব্যব্যৱসায়ী চানি সিংৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বহু লোক উপস্থিত থাকে।